ওপৰঞ্চি দায়িত্ব প্ৰদান কৰিছে আৰু সেই কাৰ্য্যৰ বাবে উপযোগীকে উপৰোক্ত গুণ-সমূহৰ অধিকাৰিণী কৰি পঠাইছে। এনেবোৰ গুণক 'স্ত্ৰীশক্তি' ৰূপে অভিহিত কৰা হৈছে। কল্যাণময়ী মাতৃৰূপিনী নাৰীয়ে গৃহৰ শ্ৰী ৰক্ষা কৰে, জীৱন সুন্দৰ আৰু সুখৰ কৰি তোলে, মাতৃ-জায়া ভগ্নী-কন্যা ৰূপে ৰৌদ্ৰদগ্ধ পুৰুষৰ জীৱনলৈ শান্তি, আনন্দ কঢ়িয়াই আনে। কবি নজৰুল ইছ্লামে গাইছিল, “পুৰুষ এনেছে দিবসের ঘালা তপ্ত রৌদ্ৰদাহ / কামিনী এনেছে যামিন শান্তি সমীরণ বারি- বাই।” কোৱা বাহুল্য যে এনেবোৰ গুণৰ উপযুক্ত কৰ্ষণৰ দ্বাৰাহে আজিৰ ধ্বংসমুখী পৃথিৱীক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ আশা পোষণ কৰিব পাৰি। সেয়েহে মহামানৱ মহাত্মা গান্ধী, আচাৰ্য্য বিনোৱা ভাৱে, স্বামী বিবেকানন্দ প্ৰভৃতি মহাপুৰুষসকলে নাৰীক সমাজত অতি উচ্চস্থান দিছিল। সমাজ গঢ়াত, সমাজক সু-পথে পৰিচালিত কৰাত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা এইসকলে একমুখে কৈ গৈছে।
নাৰীৰ সুক্ষ্ম কল্পনাশক্তি, স্বাভাবিক সৌন্দৰ্য্যবোধৰ বাবেই ৰন্ধা- বঢ়া, নৃত্য-গীত, তাঁত-শিল্প, বেজী-সূতাৰ কাম আদি বিভিন্ন শিল্প- কলাত তিৰোতাৰ ৰাপ বেছি আৰু সহজে পাৰদৰ্শিতাও লাভ কৰিব পাৰে। পুষ্প-সজ্জা, গৃহ-সজ্জা আদি কাম সমাজত তিৰোতাৰ এক- চেতীয়া বুলি ক'ব পাৰি। বিভিন্ন কুটীৰ শিল্প উদ্যোগত মিহি কাম- বোবৰ বাবে সাধাৰণতে মহিলা শ্ৰমিক নিয়োগ কৰা দেখা যায়। আজিকালি কিছুসংখ্যক ছোৱালীয়ে উপযুক্ত প্ৰশিক্ষণৰ অন্তত ‘বিউটি ক্লিনিক' খুলিবলৈ লৈছে। অৱশ্যে শেহতীয়াকৈ দেখা গৈছে এনে কিছু অনুষ্ঠান সৌন্দৰ্য্য-চৰ্চ্চাৰ সলনি অনৈতিক কাৰ্য্য-কলাপৰহে থল হৈ পৰিছে।
অতীতলৈ উভতি চালে দেখিবলৈ পাওঁ অতি প্ৰাচীন কালৰে
পৰা সমাজত নাৰীক কাব্য-সাহিত্য, চিত্ৰাঙ্কন, নৃত্য-গীত আদি ললিত