পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰশ্ন কৰিলে,—“অকল তোমাৰ সা-সম্পত্তিৰে নহয়, গোটেই পৃথিবীৰ সকলো সম্পদৰ অধিকাৰী যদি ময়েই হওঁ, তেন্তে সেই ঐশ্বৰ্য্যই মোক অমৰত্ব দিব পাৰিবনে?” উত্তৰত স্বামীয়ে ক'লে,-“নিশ্চয় নোৱাৰে, সেই সম্পত্তিৰে তুমি সংসাৰত সুখেৰে খাই লৈ থাকিব পাৰিবা, কিন্তু তাৰ দ্বাৰা অমৰত্ব লাভ কেতিয়াও হব নোৱাৰে।” তেতিয়া মৈত্ৰেয়ীৰ মুখত উচ্চাৰিত হ'ল সেই কালজয়ী প্ৰশ্ন--“যেনাহং নামৃতা স্যাম্ কিমহং তেন কুৰ্য্যাম্?” অৰ্থাৎ যি বস্তুয়ে মোক অমৃতত্ব লাভত সহায় নকৰে তেনে বিষয়-সম্পদ লৈ মই কি কৰিম? মৈত্ৰে- য়ীৰ সেই জ্ঞানগৰ্ভ উক্তি শুনি পৰম আনন্দিত হৈ মুনিবৰে ক'লে, “তুমি অতি সুন্দৰ কথা কৈছা, তুমি সচাকৈয়ে মোৰ বৰ প্ৰিয়। তেন্তে আঁহা, তোমাৰ আসনত বহি, মই তোমাৰ আগত পৰম ব্ৰহ্মৰ বিষয়ে কম। মই ব্যাখ্যা কৰি যাওতে তুমি কথাবোৰ গভীৰ ভাবে চিন্তা কৰিবা।” তেতিয়া ঋযিয়ে অমৰত্ব লাভৰ উপায় হিচাপে মৈত্ৰেয়ীক ব্ৰহ্মজ্ঞান দিলে। যাজ্ঞবল্ক্য-মৈত্ৰেয়ী সংবাদ নামে জনাজাত তেওঁলোক দুয়োৰে এই কথোপকথনত পৰমাৰ্থ-তত্ত্বৰ বিশদ ব্যাখ্যা আছে আৰু ই উপনিষদৰ শ্ৰেষ্ঠ শিক্ষাৰূপে পৰিগণিত হৈছে।

 “যেনাহং নামৃতা স্যাম্ কিমহং তেন কুৰ্য্য়াম্‌?” – মৈত্ৰেয়ীৰ সেই অমৰ উক্তি অকল তেওঁৰে নহয়, পৃথিৱীৰ সকলো জ্ঞানপিপাসু, সত্যান্বেষী লোকৰ অন্তৰৰো অন্তৰ-তলিৰ প্ৰশ্ন। স্বৰূপাৰ্থত ই যেন ভাৰ- তাত্মাৰ হৃদয় ভেদি ওলোৱা এক চিৰন্তন প্ৰশ্ন। মৈত্ৰেয়ীৰ সেই উক্তৃিত মানৱ হৃদয়ৰ চিৰন্তন অতৃপ্তি ধ্বনিত হৈছে – সকলো পায়ো সুখ নাই, কিবা যেন নাই নাই ভাৱ, যিটোক ইংৰাজ কবি মেথিউ আৰ্নল্ডে ‘স্বৰ্গীয় অতৃপ্তি’ ( Divine discontent) বুলিছে। পাশ্চাত্যৰ অনেক দাৰ্শনিক পণ্ডিতে সেই সুপ্ৰাচীন কালতে ভাৰতীয় নাৰীৰ এনে গভীৰ

জ্ঞান আৰু আধ্যাত্মিকতাৰ উচ্চ প্ৰশংসা কৰি গৈছে।

॥৪৬॥