পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিক্ষাৰ মানদণ্ড যথেষ্ট অৱনমিত হ’ল। ভাৰতীয় শিশুৰ সৰ্বতো মুখী উন্নতি বা বিকাশ ইংৰাজ শাসকসকলৰ লক্ষ্য নাছিল। ভাৰ- তৰ মাটিত খাপ নোখোৱা পশ্চিমীয়া শিক্ষা ব্যৱস্থা এইদেশত প্ৰৱ- ৰ্ত্তনৰ দ্বাৰা তেওঁলোকে এনে এচাম শিক্ষিত লোক গঢ়ি উলিওৱাৰ কথা চিন্তা কৰিছিল যিসকল কেইখনমান পাঠ্যপুথি আয়ত্ব কৰি দুই এটা ডিগ্ৰী লৈ বৃটিশ শাসকৰ অনুগত ভৃত্যৰূপে জীৱন যাপন কৰাত বাদে অন্য উচ্চ চিন্তাৰ বাবে উপযুক্ত নহব। তেনে শিক্ষাৰে শিক্ষিত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰমৰ মৰ্যদা পাহৰিলে; পুথিগত বিদ্যাকণৰে কেৰাণী- মহৰীৰ যোগ্যতাহে লাভ কৰিলে। শ্ৰমবিমুখ ভাৰতীয় ছাত্ৰই খাটি- খোৱা পৈত্ৰিক বৃত্তি এৰি পেলালে। পশ্চিমীয়া শিক্ষাৰ বা লাগি ভুৱা মূল্যবোধৰ জন্ম হ’ল। গুৰু-শিষ্যৰ পূৰ্বৰ পবিত্ৰ সম্পৰ্ক বান্ধোন ক্ৰমে শিথিল হৈ আহিল।

 সৌভাগ্যক্ৰমে এনে সময়তে অভ্যুদয় হ’ল মহামানৱ মহাত্মা গান্ধীব, যি ৰাজনীতি, সমাজনীতি সকলো ক্ষেত্ৰতে জাতীয় চেতনা জগাই তুলিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিলে। শিক্ষা প্ৰসঙ্গত গান্ধীজীয়ে কৈছিল, "By education I mean all round drawing out of the best in child and man-body mind | spirit" যি শিক্ষাই শিশুৰ শৰীব, মন আৰু আত্মাৰ সৰ্ব্বাঙ্গীন বিকাশ সাং- নত সহায় কৰে সেয়েহে প্ৰকৃত শিক্ষা। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন, কবি- গুৰু ৰবীন্দ্ৰনাথ, ডঃ জাকিৰ হুছেইন, আবুল কালাম আজাদ প্ৰমুখ্যে আগশাৰীৰ শিক্ষাবিদসকলে স্বাধীন ভাৰতত ভাৰতীয় ঐতিহ্যৰ ভেটিত প্ৰতিষ্ঠিত এক জাতীয় শিক্ষা-ব্যৱস্থা প্ৰৱৰ্ত্তনৰ হকে আহ্বান জনাইছিল। এই সকলৰ মতে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা প্ৰয়োজনীয় শিক্ষাৰ নাম-

মাত্ৰ অংশহে। ডঃ ৰাধাকৃষ্ণনৰ ভাষাত “Education is not

॥১১॥