বৰ্দ্ধিত ৰাজনৈতিক সামাজিক সচেতনতাৰ বাবেই হওক, তেওঁলোকৰ
চিৰচৰিত বৃত্তি অধ্যয়নলৈ পিঠি দি ৰাজনৈতিক মঞ্চত অৱতীৰ্ণ হৈছে।
আমাৰ অসমৰ ছাত্ৰসকলেও সুদীৰ্ঘ ছবছব জোৰা এক আন্দোলন
পৰিচালনাৰ দ্বাৰা বিশ্বৰ চকুত চমক লগাইছিল যদিও তাৰেই গইনা
লৈ এচাম ছাত্ৰই গুৰু-গোসাই নমনা হৈ ওভট গোৰে নাচিবলৈ ল'লে।
“শ্ৰদ্ধাবান্ লভতে জ্ঞানম।” শ্ৰদ্ধা আৰু বিনয়গুণ নেথাকিলে ছাত্ৰৰ
অধ্যয়ন ৰূপ তপস্যা কেতিয়াও সফল নহয়। দেশ আৰু জাতিক
অৱক্ষয়ৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আমাৰ যুব মানসিকতাৰ
সংশোধন হবই লাগিব।
চৰিত্ৰ-গঠন প্ৰক্ৰিয়া সৰুকালতে আৰম্ভ হয়। শিশুৰ মানসিক
বিকাশত শিক্ষানুষ্ঠানতকৈ ঘৰখন আৰু চাৰিওপিনৰ সমাজখনৰ বৰঙণি
অধিক। পৰিয়াল তথা সমাজৰ অসুস্থ পৰিবেশে শিশুৰ মন স্থিৰ-
তাহীন, অপৰাধৱণ কৰি তোলে, সিহঁতৰ বিকাশ বাধাগ্ৰস্ত হয়,
ইচ্ছাশক্তিক দুৰ্বল কৰে; ফলত সেই শিশু অবাটে যায়। গতিকে
প্ৰাক-বিদ্যালয় কালছোৱাতে পিতৃ-মাতৃ, ঘৰখনে শিশুক নৈতিক
আদৰ্শৰ শিক্ষা দিবলৈ যত্ন কৰা উচিত। মিছা কথা কোৱা. চুৰ
কৰা, ডাঙৰক অমান্য কৰা, লগ-সমনীয়াৰ সৈতে কাজিয়া কৰা, এলাহ
পৰনিৰ্ভৰশীলতা আদি কথাবোৰ যে বেয়া সেই শিক্ষা সিহঁতক দৈন
ন্দিন কাৰ্য-কলাপৰ মাজেদিয়ে দিয়া উচিত। ঈশ্বৰ-বিশ্বাসে শিশুৰ
নৈতিক ভেটি দৃঢ় কৰে। আগৰ দিনত ককাক-আইকৰ মুখৰ পৰা
শুনা নানা ধৰ্ম্মমূলক আখ্যান ধ্ৰুৱ, প্ৰহ্লাদ, একলব্য, উপমন্য আদিৰ
কাহিনীয়ে শিশুসকলৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। এনেবোৰ
দৃষ্টান্তই শিশুৰ চৰিত্ৰ গঠনত বিশেষভাৱে সহায় কৰে। আজিকা-
লিৰ সৰু পৰিয়ালৰ সদাব্যস্ত পিতৃ-মাতৃয়ে তেনে সুবিধা আগবঢ়াব