পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থকাত, আন দহজনৰ হকে জীয়াই থকাতহে জীৱনৰ প্ৰকৃত "পন্দন আছে। এই জন মানুহে সুন্দৰকৈ জীয়াই থাকিব জানিছিল। জীৱনৰ বিয়লি পৰতো তেওঁ তৰুণ হৈয়ে আছিল। আৰু বুঢ়া যদি সচাকৈয়ে তেওঁ হৈছিল, সেই বৃদ্ধৰ কণ্ঠত যেন ৰবাৰ্ট ব্ৰাউনিঙৰ কবিতাৰ ৰবি বেন এজৰাৰ অশ্বাসবাণী— “Grow old along with me; the best is yet to be......"

 পৃথিৱীত যিসকলৰ প্ৰয়োজনীয়তা বেছি সেই সকলক আমি সদা- য়েই কাষত বিচাৰো। কিন্তু তেওঁলোকো যায়গৈ- সৃষ্টিৰ এই নিষ্ঠুৰ সত্যৰ সমুখত মূৰ দোৱাবলৈ মানুহ বাধ্য। কিন্তু সুখৰ কথা, তেওঁলোকৰ প্ৰতিভাৰ, তেওঁলোকৰ কৰ্মৰ, তেওঁলোকৰ চিন্তাধাৰাৰ মৃত্যু কাহানিও নাই। সেই সম্পদৰাজিক অম্লান জ্যোতিৰে জীয়াই ৰখাৰ দায়িত্বভাৰ তেওঁলোকৰ গুণ-মুগ্ধ উত্তৰ-পুৰুষৰ গাত। গতানুগতিক এখনি শোকসভা, দুআষাৰ শ্ৰদ্ধাঞ্জলি, সেয়েই তাৰবাবে যথেষ্ট নহয়। ৰবিঠাকুৰৰ ভাষাত ক’বলৈ গ'লে, “মানুষের শূন্য ভরাবার জন্য, তার মনের মানুষকে নানা ভাবে নানা রসে জাগিয়ে রাখবার জন্য আছে তার শিল্প, তার সাধনা, তার সাহিত্য।”

 যি চকুপানীত স্বৰ্গগতজনৰ মহত্বৰ স্বীকৃতি থাকে, যি শ্ৰদ্ধাঞ্জ- লিত তেওঁৰ অসমাপ্ত কৰ্ত্তব্য সমাপনৰ প্ৰতিশ্ৰুতি থাকে, মৃতকৰ উদ্দেশ্যে সেয়েহে সাৰ্থক চকুলো, সেয়েহে প্ৰকৃত শ্ৰদ্ধাঞ্জলি।●

(এই বৰেণ্য শিক্ষক গৰাকীৰ ১৯৬৫ চনৰ ১৯ জুলাই তাৰিখে দেহাৱসান ঘটে)

॥৭॥