প্ৰজন্মলৈ বহন কৰিব পৰাকৈ আমাৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক এক উদাৰ ধৰ্ম্মনীতিৰ শিক্ষা দিবই লাগিব। তদুপৰি ধৰ্ম্ম মানে কেবল কিছুমান জটিল তত্ত্ব অনুধাৱন বা আনুষ্ঠানিক ৰীতিৰ অনুশীলন নহয়; যি ধৰি থাকে (ধৃ+মন্) বা অৱলম্বন দিয়ে তাকে ধৰ্ম্ম বোলে। গতিকে মানৱ জীৱনৰ অৱলম্বন-স্বৰূপ ধৰ্ম্মীয় আদৰ্শৰ সুচিন্তিত শিক্ষাদানে কোনো সাম্প্ৰদায়িক বিদ্বেষৰ সৃষ্টি কৰাৰ সম্ভ- ৱনা নাই। বিভিন্ন ধৰ্ম্মৰ উপদেশ-সমূহ মূলতঃ একে। সজকৰ্ম্ম, সজ চিন্তা, দৰিদ্ৰ বা বিপদগ্ৰস্তৰ প্ৰতি কৰুণা, অহিংসা, ভগবৎ বিশ্বাস—এইবোৰ আদৰ্শ সকলো ধৰ্ম্মৰে মূল কথা। এনেবোৰ আদৰ্শৰ ধ্বজাবাহী বিভিন্ন ধৰ্ম্মীয় চৰিত্ৰই নৈতিক মূল্যবোধক হেজাৰ হেজাৰ বছৰ ধৰি সমাজত জীয়াই ৰাখিছে। গতিকে সৰ্ব্বধৰ্ম্ম সমম্বয়ৰ আদৰ্শ আগত ৰাখি উদাৰ নীতিৰে ধৰ্ম্মীয় শিক্ষা প্ৰৱৰ্ত্তন কৰা উচিত। কাৰণ ধৰ্ম্মীয় আৰু নৈতিক শিক্ষাৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক। সকলো ধৰ্ম্মতে মানৱাত্মাৰ উৎকৰ্ষসাধনৰ বাবে একেধৰণৰ নিয়মানুবৰ্ত্তিতাৰ বিধান আছে। গতিকে সত্য প্ৰেম-ন্যায়স্বৰূপ ভগবানৰ আদৰ্শৰ প্ৰতি যদি লৰা-ছোৱালীৰ মন আকৰ্ষিত কৰা নহয় তেন্তে সেই লৰা-ছোৱালী প্ৰকৃত মানুহ হিচাপে গঢ় লৈ উঠিব নোৱাৰে। আনহাতে নৈতিকতাক বাদ দিলে ধৰ্ম্মীয় আচৰণৰো কোনো মূল্য নেথাকে। সেয়ে ধৰ্ম্মৰ যিবোৰ কথা যুক্তিৰ ভেটিত প্ৰতিষ্ঠিত নহয়, বা নৈতিকতাৰ সৈতে যাৰ বিৰোধ আছে সেইবোৰ কথা, শিশুসকলৰ পৰা সাৱধানে আতৰাই ৰাখিব লাগিব।
শিশুৰ মনত সৰ্ব্বধৰ্ম্মৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱ জগাই তুলিব পৰাকৈ সকলো ধৰ্ম্মৰে মূল কথাবোৰ পাঠ্যপুথিৰ অন্তৰ্গত কৰা উচিত। সাহিত্য, সমাজ-অধ্যয়ন আদি বিষয় সমূহৰ মাধ্যমেৰে এই উদ্দেশ্য
॥ ১৬ ॥