নকৰি উপায় নাই যে নাৰী চৰিত্ৰত নীচতা, স্বাৰ্থপৰতা, পৰশ্ৰীকাত- ৰতা, মানসিক সংকীৰ্ণতা আদি ধ্বংসমুখী প্ৰবৃত্তিবোৰৰো অভাৱ নাই, যিবোৰ দোষ-দুৰ্ব্বলতাই একোখন সুখৰ সংসাৰ থান্বান্ কৰে, সমাজ জীৱন বিষময় কৰি তোলে। সৰুৰে পৰা উপযুক্ত পৰিবেশ, উপযুক্ত সা-সুবিধা, শিক্ষা-দীক্ষাৰ অভাৱতেই হয়তো তিৰোতাৰ মগ- জুত এনেবোৰ কু-চিন্তাই বাহ লয়। আজিৰ শিক্ষিত মহিলাই নাৰীচৰিত্ৰৰ এই কলঙ্ক মোচনৰ বাবে সচেতন প্ৰচেষ্টা চলাব লাগে।
নাৰী সৌন্দৰ্য্য আত্মিকশক্তি, পবিত্ৰতাৰ আধাৰ স্বৰূপ। ভাৰ- তীয় হিন্দু সমাজত সেয়ে নাৰীক দেৱীৰূপে কল্পনা কৰি পূজা-অৰ্চনা কৰাৰ পৰম্পৰা প্ৰচলিত। “কীৰ্ত্তি শ্ৰীবাক্ চ নাৰীনাং স্মৃতি মেধা ধৃতি ক্ষমা”—গীতাত উল্লেখিত নাৰী চৰিত্ৰৰ উপৰোক্ত গুণস- মূহৰ কৰ্ষণে বাস্তবিকতে তিৰোতাক দেৱীৰ পৰ্য্যায়লৈ উন্নীত কৰিব পাৰে। গতিকে নিজকে বুজিবলৈ, নিজকে চিনিবলৈ আমি সদায় সচেষ্ট হোৱা উচিত। নিজৰ কমনীয়তা, ব্যক্তিত্ব আৰু প্ৰতিভাৰে পৃথিৱীৰ হিংসা-কলুষ, অসুন্দৰতা দূৰ কৰি জীৱন আৰু জগৎ সুন্দৰ কৰি তোলাত সাধ্যমতে অৰিহণা যোগোৱাটো প্ৰতিগৰাকী নাৰীৰে জীৱনৰ
লক্ষ্য হোৱা উচিত। ০