দিব নোৱাৰিলে। “সিৰে সিৰে বৈ যোৱা অতৃপ্ত বাসনা / এতিয়াও হোৱা নাই শেষ।” সেই প্ৰেম চিৰ নবীন, কাৰণ তাত নোপো- ৱাৰ জেতুকাবুলীয়া বেদনা আছে কিন্তু ভোগৰ ক্লান্তি, অৱসাদ নাই; সি চিন্ময় প্ৰেম, হিয়াৰ সৈতে হিয়াৰ এৰাব নোৱাৰা বন্ধনৰ এক বিমূৰ্ত্ত চেতনা—
“দুচকুৰ অগোচৰ তুমি মোৰ
নোহোৱা মনৰ;
হিয়াই হিয়াই গঁথা স্নেহৰ গাঁথনি আজি
কত জনমৰ ” (স্পন্দন)
বিৰহে প্ৰেমৰ আকৰ্ষণ তীব্ৰ কৰে, মধুৰ কৰে, কাৰণ তাত
বেদনাৰ বোল থাকে। "বিৰহ মধুৰ মোৰ হৃদয়ৰ প্ৰেম-উপহাৰ।”
অকলশৰীয়া জীৱনৰ কিবা এক অনামী বিষন্নতাই তেওঁৰ প্ৰায় সকলো
প্ৰেমৰ কবিতা আচ্ছন্ন কৰি ৰাখিছে। কবি যতীন্দ্ৰনাথ দুৱৰাৰ কবি-
তাৰ দুখবাদ, নিৰাশাবাদে কবিগৰাকীক বিশেষভাৱে প্ৰভাৱিত কৰা
যেন লাগে। কিন্তু নিৰাশাবাদত তেওঁৰ কাব্যৰ পৰিসমাপ্তি ঘটা নাই।
জীৱনত বাসনাৰ ধন বিচাৰি নাপালে যদিও আশাকে অৱলম্বন কৰি
তেওঁ জীয়াই থাকিল। অৱশেষত কবিৰ প্ৰেম পৰিণত হ’ল - এক
প্ৰশান্তিময় বৈৰাগ্যৰ, নিৰ্লিপ্তিৰ ভাৱত। কবিৰ ৰিক্তপ্ৰাণে পৃথিৱীৰ
সকলো মায়া-মোহ অসাৰ অৰ্থহীন বিবেচনা কৰি ধূপৰ দৰে নিজকে
নিঃশেষ কৰি দিবলৈ বিচাৰিলে। "ন জাতু কামঃ কামনামুপভোগেন
শাম্যতি” “উপভোগৰ দ্বাৰা কামনাৰ প্ৰশমন নঘটে।" কবিৰ যেতিয়া
এই উপলব্ধি হ’ল তেতিয়া তেওঁ “কামনাৰ ৰাগ পুৰি আৰতি-প্ৰদীপ”
জ্বলালে, “সমাহিত বাসনাৰ চিতাভষ্মৰে নৈবেদ্য সম্ভাৰ" আগবঢ়ালে,
পৰম প্ৰিয়জন সৃষ্টিকৰ্তা ভগৱানলৈ ৰূপান্তৰিত হ'ল আৰু তেতিয়াই