পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তদাৰকত মানুহ হৈ আজি এই বিশ্বসংস্থাৰ গুৰি ধৰিছে। সম্প্ৰতি সমগ্ৰ বিশ্বতে ডেৰহাজাৰৰো ওপৰ শিশুগ্ৰামত ১৩২ খন দেশৰ প্ৰায় ছয়কোটি অনাথ নিৰাশ্ৰয় শিশুক আশ্ৰয় আৰু শিক্ষা-দীক্ষা দি মানুহ কৰাৰ দায়িত্ব এছ অ’ এছ সংস্থাই হাতত লৈছে। "Save our Soul” “আমাক ৰক্ষা কৰা”—এই বাক্যাংশটিকে চমুৱাই ‘এছ অ’ এছ’ বুলি কোৱা হয়। স্বৰূপাৰ্থত ‘এছ অ’ এছ’ হৈছে এক বিপদৰ সংকেত, সাগৰত জাহাজ বিপদাপন্ন হলে এই সঙ্কেতৰ দ্বাৰা সহায় বিচৰা হয়। স্বাভাৱিকতে এছ অ’ এছ সংসাৰসাগৰত দিশহাৰা শিশুসকলৰ বিশ্ববাসীলৈ এক মৰ্ম্মস্পৰ্শী আবেদন।

 ভাৰতত ১৯৬৪ চনত প্ৰথমখন শিশুগ্ৰাম স্থাপিত হৈছিল। অস- মত হয় ১৯৮৩ চনত, নেলীৰ অমানুষিক হত্যাকাণ্ডৰ পিছত। মানুহ সেই পৈশাচিক নিষ্ঠুৰতাৰ বলি শিশুসকলৰ আশ্ৰয়ৰ বাবে মঙলদৈৰ ওচৰৰ ভকতপাৰাত আৰু নগাওঁ জিলাৰ হোজাইত পোন প্ৰথমে শিশুগ্ৰাম স্থাপন কৰা হয়। ১৯৮৯ চনত উন্নত ঘৰ-দুৱাৰ আৰু অধিক সা-সুবিধাৰে কামৰূপ জিলাৰ আজাৰাত তৃতীয়খন শিশুগ্ৰাম স্থাপিত হয়। বৰ্তমান ইয়াত ল'ৰা-ছোৱালীৰ সংখ্যা ১২২ টি। তাৰে ৪৭ জনী ছোৱালী আৰু ৬৫ টা ল'ৰা। শিশুগ্ৰামৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ বাবে কোনো সীমাবদ্ধতা নাই। ইচ্ছা, অভিৰুচি আৰু মানসিক সামৰ্থ্য অনুযায়ী যিকোনো বিষয়ৰে উচ্চ শিক্ষাৰ পথ তেওঁলোকৰ বাবে মুকলি। তেওঁলোকক খেলা-ধুলা বা অন্য সাংস্কৃতিক দিশতো আগবঢ়াৰ সুবিধা দিয়া হয়। চৈধ্য বছৰ বয়স হলে ল’ৰা আৰু ছোৱালীক বেলেগে বেলেগে ৰখাৰ ব্যৱস্থা কৰা হয়।

 এছ অ’ এছ সংস্থাই ধৰ্ম্মনিৰপেক্ষতা নীতি হিচাপে মানে। শিশুসকলৰ নৈতিক উৎকৰ্ষ সাধনৰ বাবে মানৱ ধৰ্ম্মৰ পাঠহে ইয়াত

শিকোৱা হয়। কিন্তু শিশুসকলৰ পূৰ্ব্বৰ নাম-উপাধিৰে, পূৰ্ব্বৰ ধৰ্ম্মেৰে

॥১১১॥