পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কোণাৰ্কৰ সূৰ্য্যমন্দিৰ

 উৰিষ্যা মন্দিৰৰ দেশ। এই ৰাজ্যৰ ভুবনেশন, পুৰী আদি ঠাইত যিপিনেই চোৱা যায় সেইপিনেই মন্দিৰ। তাৰে মাজত কোণাৰ্কৰ মন্দিৰে দেশ-বিদেশৰ পৰ্যটকসকলৰ সৰ্বাধিক মনোযোগ আকৰ্ষণ কৰি আহিছে। বঙ্গোপসাগৰৰ পাৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত, এক বালিময় বিস্তীৰ্ণ প্ৰস্তৰত অৱস্থিত এই মন্দিৰটোত প্ৰাচীন ভাৰতীয় স্থাপত্য আৰু ভাস্কৰ্য্যশিল্পই চৰম উৎকৰ্ষ লাভ কৰা দেখা যায়।

 কোণাৰক উৰিষ্যাৰ পুৰী জিলাৰ এক ক্ষুদ্ৰ অঞ্চল। ভুৱনেশ্বৰ আৰু পুৰী দক্ষিণ পূৱ ভাৰতীয় ৰেলৱেৰ দুটা ডাঙৰ ষ্টেচন। এই দুয়ো ঠাইৰ পৰা কোণাৰকলৈ যাতায়তৰ সুন্দৰ পথ আছে। পুৰীৰ পৰা কোণাৰকলৈ সাগৰৰ পাৰৰ পাইন গছৰ অৰণ্যৰ কাষে কাষে পথছোৱাৰ ভ্ৰমণ অভিজ্ঞতা অতি আনন্দদায়ক।

 কোণাৰক নামটি “কোণাৰ্ক” শব্দৰ অপভ্ৰংশ মাথোন। সূৰ্য্যক অৰ্কও বোলা হয়। সম্ভৱতঃ কোনো বিশেষ স্থানৰ পৰা কোণীয়াকৈ সূৰ্য্যদেৱতাৰ এই মন্দিৰ নিৰ্ম্মাণ হোৱা বাবেই ইয়াক ‘কোণাৰ্ক’ অৰ্থাৎ ‘কোণৰ সূৰ্য্য’ বোলা হৈছিল। সাগৰ তীৰত অৱস্থিত কোণাৰ্কৰ সূৰ্য্যমন্দিৰ আৰু পুৰীৰ জগন্নাথ মন্দিৰে তাহানি সমুদ্ৰ পথেৰে ভাৰ- তৰ মাটিত ভৰি দিয়া ইউৰোপীয় নাৱিকসকলৰ দৃষ্টি বিশেষভাৱে

আকষণ কৰিছিল। তেওঁলোকে কোণাৰ্কৰ মন্দিৰক “কলা পেগোদা”

॥৫৭॥