অক্ষম পত্নীক যি নিস্বাৰ্থ, নিৰ্ভেজাল প্ৰেম দি গ'ল তাৰ তুলনা নাই। কবি গৰাকীয়ে লিখিছে-
“যদিওবা সজা নাই দেৱ
বাহিৰত ওখ দৌল এটি
কি অসীম কৰুণা তোমাৰ
কিবা স্নেহ দিলা মোৰ প্ৰতি।” (অশ্ৰু-অৰ্ঘ্য)
বাস্তবিকতে, চাহজাহানৰ পত্নী-প্ৰেমৰ চানেকী তাজমহলত এজন সম্ৰাটৰ ঐশ্বৰ্য্য, ক্ষমতা প্ৰদৰ্শনৰ গৰ্ব্ববোধ লুকাই আছে। কিন্তু সাধা- ৰণ মানুহ দুৰ্গী ৱৰুৱাৰ প্ৰেম জুয়ে পোৰা সোণৰ দৰে বিশুদ্ধ। এগ- ৰাকী চিৰদুঃখী নাৰীৰ অশ্ৰুময় জীৱন-যমুনাৰ তীৰত ত্যাগৰ কষটি শিলত সেইজন প্ৰেমিকে অক্ষয় প্ৰেমৰ যি কীৰ্তিস্তম্ভ ৰচি থৈ গ'ল সি যুগে যুগে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিব। কালৰ হেজাৰ প্ৰদূষণেও তাক নিষ্প্ৰভ কৰিব নোৱাৰে।
এইখিনিতে উল্লেখযোগ্য যে স্বামীয়ে প্ৰকাশ কৰিবলৈ হেপাহ কৰা দ্বিতীয় কাব্য সংকলনটি ১৯৫২ চনত ‘প্ৰাণৰ পৰশ’ নামেৰে ছপা হৈ ওলায়।
অসুখীয়া জীৱনটোত ছাঁৰ দৰে গাতে লাগি থকা কবিৰ প্ৰাণৰ দেৱতা এইবাৰ ধ্যানৰ দেৱতা হ’ল। তেওঁৰ প্ৰিয়তম সপোনত তেওঁৰ কাষলৈ আহে। সপোন ভাঙে, “টোপনি ভাগিল, চেতনা লভিলো প্ৰিয়তম তুমি নাই। সাগৰৰ মণি পায়ে হেৰুৱালো- মুকুতা হেৰাল হায়।” আকুল হৈ কবিয়ে “পৰ্ব্বত-ভৈয়াম-নগৰে- সাগৰে” বিচাৰি ফুৰিলে, কিন্তু ক’তো প্ৰাণৰ দেৱতাৰ সন্ধান নেপালে। অসহায় কবিয়ে বিচনাকে সাৱটি কেবল ভাবে। গভীৰ মননৰ অন্তত তেওঁ সত্যৰ সন্মুখীন হ’ল। অৱশেষত “বিশ্ব বিদাৰি এটি প্ৰতিধ্বনি”
তেওঁ শুনিবলৈ পালে—