সংসাৰৰ প্ৰতি বৈৰাগ্য জন্মে, গতিকে ল’ৰা বা ডেকাই গীতা পঢ়িব নেলাগে ইত্যাদি। পিছে গীতাত ৰজাৰ পৰা সাধাৰণ প্ৰজালৈকে, ঘোৰ সংসাৰীৰ পৰা গৃহত্যাগী সন্যাসীলৈকে আটাইৰে জীৱন দৰ্শন সন্নিবিষ্ট হৈছে। জ্ঞাতি নিধন কল্পনাত কাতৰ অৰ্জুনৰ যি দ্বিধা, সংশয়, যি মানসিক অন্তৰ্দ্বন্দ্ব সি মানুহ মাত্ৰৰে জীৱনত দেখা দিব পাৰে। কাৰণ মানুহ ইতৰ প্ৰাণীতকৈ শ্ৰেষ্ঠ, বিবেক সম্পন্ন জীৱ। আদৰ্শৰ সংঘাত, স্বজনৰ প্ৰতি মায়ামোহ, ভয়-সংশয় কাতৰতা আদি মানৱ জীৱনৰ স্বাভাৱিক কথা। গতিকে ভগবান কৃষ্ণৰ সেই উপদেশ অকল অৰ্জুনৰ বাবেই নহয়, সংসাৰ সমুদ্ৰত কক্বকাই ফুৰা ত্ৰিতাপ- কিষ্ট প্ৰতিজন মানুহৰ বাবেই ই জীৱনৰ পৰম পাথেয়।
গীতাৰ শিক্ষা ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। জ্ঞান-কৰ্ম্ম ভক্তিৰ মাধ্যমেৰে কিদৰে জীৱনত ঈঙ্গিত লক্ষ্যত উপনীত হব পাৰি গীতাই সেই শিক্ষা আমাক দিয়ে। দুখযন্ত্ৰণাময় মানৰ জীৱনত অবিচলিতভাবে, প্ৰসন্নচিত্তে নিজ কৰ্ত্তব্যপথত আগবাঢ়ি মানুহে কিদৰে জীৱনত সাৰ্থকতা লাভ কৰাৰ লগতে পূনৰ্জন্মদুখৰ হাত সাৰি ভগবানৰ সান্নিধ্য লাভ কৰিব পাৰে সিয়েই গীতাৰ শিক্ষনীয় বিষয়। জ্ঞান, কৰ্ম্ম, ভক্তি—এই তিনি আলিৰ মূৰতহে সকলতাই আমাক লগ দিয়ে; এই সত্য কেৱল পৰমাৰ্থিক দিশতেই নহয়, মানুহৰ ব্যৱহাৰিক জীৱনতো ই নিৰ্ভুল প্ৰমাণিত হৈছে। উদাহৰণ স্বৰূপে কব পাৰি, ছাত্ৰ–ছাত্ৰীয়ে শিক্ষাজীৱনত সফলতা লাভ কৰিবলৈকো এই তিনিও মাৰ্গৰ সাধন হব লাগিব। “কৰ্ম্মতহে তোমাৰ অধিকাৰ আছে, ফলাফল চিন্তা কৰাৰ অধিকাৰ নাই।” শিক্ষাৰ্থীয়ে কলাফলৰ চিন্তা বাদ দি একাগ্ৰ চিত্তে জ্ঞান সাধনা কৰিব লাগিব। গভীৰ অধ্যয়ন, অনুশীলন আদি কৰ্ম্মৰ মাজেদিহে সেই কাম সম্ভৱ হ'ব। সঙ্গীতৰ সুৰ-তাল-মাত্ৰাৰ জ্ঞান হলেই নহব, নিজ কণ্ঠৰ পৰা তাক কেনেকৈ