যদিওবা তাজ নহল সজা
অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ বিশিষ্ট কবি কাব্যভাৰতী ধৰ্ম্মেশ্বৰী দেৱী বৰুৱানী অসমীয়া সাহিত্যৰ পাঠক মাত্ৰৰে পৰিচিত। এই গৰাকী চিৰৰুগ্না কবিয়ে এটি পঙ্গু দেহ লৈ ওৰেটো জীৱন বিছ- নাতে কটোৱা সত্বেও কিদৰে একনিষ্ঠভাৱে কাব্য সাধনা কৰি অস- মীয়া সাহিত্যৰ ভড়াল চহকী কৰি গল সেইকথা আটায়ে জানে। কিন্তু বহুতেই নেজানে যে এই নাৰীৰ জীৱনটো এক সুদীৰ্ঘ প্ৰেমৰ ইতিহাস, যি প্ৰেমে তেওঁক জীয়াই থকাৰ প্ৰেৰণা দিলে, দৃষ্টিহীন দুচ- কুত সুন্দৰৰ স্বপ্ন দিলে, নিৰাশৰ অটল গৰ্ভত লুকাই থকা কবিতাৰ নিজৰাটি পাৰ ভাঙি অসমী আইৰ চোতাললৈ বোৱাই দিলে। সেই প্ৰেমেৰে সিক্ত, তেওঁৰ জীৱন-কাহিনী এটি কবিতাৰ দৰে মধুৰ, এখনি উপন্যাসৰ দৰে উপাদেয়। সেই প্ৰেম আছিল দাম্পত্য প্ৰেম।
পিতৃ যজ্ঞোৰাম শৰ্ম্মা, মাতৃ ৰম্ভাপ্ৰিয়া দেৱীৰ চাৰিটি কন্যা সন্তানৰ সংসাৰখনত ধৰ্ম্মেশ্বৰী দেৱী আছিল আদৰৰ নুমলীয়া জীয়ৰী। পৰিয়ালৰ লোকৰ পৰা শুনা মতে, তেওঁলোকৰ ঘৰ আছিল গুৱাহা- টীৰ শিলপুখুৰীত, বৰ্ত্তমান পঞ্চবটী আশ্ৰম থকা ঠাইত। সেইকালৰ সামাজিক নিয়মমতে কন্যা-সন্তানে পৈত্ৰিক সম্পত্তিৰ উত্তৰাধিকাৰ নেপাইছিল। গতিকে চাৰিওটি কন্যাৰ বিয়া হৈ যোৱাৰ পিছত পিতৃয়ে তেওঁৰ মাটি-সম্পত্তি গুৰু-গৃহক দান কৰি গ'ল। সেই মাটিতেই
গুৰুৱে পঞ্চবটী আশ্ৰম গঢ় দিছিল। ধৰ্ম্মেশ্বৰী দেৱীক তেতিয়াৰ