পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল ১৯৬৩ চনৰ শেষৰ ফালৰ দিন এটা। গাঙ্গূলী চাৰৰ অৱসৰ গ্ৰহণ উপলক্ষে সেইদিনা তেওঁক বিদায়-সম্ভাষণ জনাবলৈ ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীসকল গোট খাইছিল। বাহিৰৰ পৰা অহা অধ্যাপক কেইজনে সেইদিনা কৈছিল, কিদৰে হেড অৱ দ্য ডিপাৰ্টমেন্ট’ৰ সহায়-সহযোগ আৰু মৰম-সনা ব্যৱহাৰে এটি আচহুৱা পৰিবেশত, এখন অচিনাকী শিক্ষানুষ্ঠানত তেওঁলোকৰ সকলো সমস্যা সমাধান কৰিছিল। ছাত্ৰ আৰু সহকৰ্মীসকলৰ অভিনন্দন জ্ঞাপনত মাজে মাজে বাধা দি বিচলিত কণ্ঠে মানুহজনে কৈ উঠিছিল— “No, no, I am not worthy of such praise” কোনো কোনো ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ ভৰি চুই প্ৰণাম কৰিব খোজাত তেওঁ অভিভূত কণ্ঠে কৈছিল, “তোমালোকে মোক একেবাৰে বিদায় দিব খুজিছানে কি? মই প্ৰায়েই ইয়ালৈ আহি থাকিম; তোমালোকে বিচাৰিলে মোক সততে পাই থাকিবা। তোমালোকক এৰি, ইংলিচ-ডিপাৰ্টমেন্টক, গুৱাহাটী বিশ্ববিদ্যালয়ক বাদ দি মই কেনেকৈ জীয়াই থাকিম?” বুকুখন চেপি খুন্দি গুৰি কৰিব খোজা কান্দোনবোৰ লুকুৱাবলৈকে বোধকৰো তেওঁৰ প্ৰিয় গায়িকা-ছাত্ৰীএগৰাকীক ওচৰলৈ মাতি কৈছিল, “নাইটিংগেল, এইবাৰ তুমি এটি গান শুনোৱা।”

 অনবৰত কিতাপ-পত্ৰ লৈয়ে ব্যস্ত থকা ছাত্ৰতকৈ সমাজ সেৱা আদি বাহিৰা কামত অংশ গ্ৰহণ কৰাৰ খ্যাতি থকা ল'ৰা কেই- জনক তেওঁ প্ৰকাশ্যভাৱেই অধিকতৰ স্নেহ আৰু সহানুভূতিৰ চকুৰে চাইছিল। ছাত্ৰ-ছাত্ৰীক প্ৰায়েই তেওঁ কৈছিল, “Do atleast something for the country that makes life worth

living”. এৰা, কেৱল জীয়াই থাকিবৰ বাবেই পৃথিৱীৰ শ্ৰেষ্ঠতম জীৱৰূপে জীয়াই থকাৰ কোনো অৰ্থ নাই। সুন্দৰকৈ জীয়াই

৷৷৬৷৷