পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উদ্ভৱ হৈছে, গতিকে এইটিয়েই তোমাৰ সন্তান।” কাকত আলো- চনীত ধৰ্ম্মেশ্বৰীৰ কবিতা প্ৰকাশ হৈ ওলালে কবিতকৈও বেচি আনন্দিত ত হয় তেওঁৰ স্বামী। তেখেতে অতি সযতনে পত্নীৰ লেখাবোৰ এটি ফাইলত সংৰক্ষণ কৰিছিল আৰু মাজে মাজে পত্নীক আশ্বাস দিছিল, “অলপতে তুমি আৰু এটি সন্তান পাবা।” মৌন কবিয়ে মাথোন এটি হাঁহিৰে সঁহাৰি দিয়ে। সেই হাঁহিত ফুটি উঠে ব্যথিত হিয়াৰ গভীৰ কৃতজ্ঞতা।

 দুবছৰ বাহিৰত কটোৱাৰ মুৰত কবি পুনৰ গুৱাহাটীৰ ঘৰলৈ উভটি আহে। ৰোগ-ব্যাধিয়ে ক্ৰমে তেওঁৰ চকুৰ দৃষ্টিও কমাই আনিলে, পিছলৈ তেওঁ একেবাৰে নেদেখা হ’ল। দুৰ্গী বৰুৱাই ধৰ্ম্মেশ্বৰী দেৱীৰ ভাগিনীয়েক সেইকালৰ প্ৰখ্যাত আইনজ্ঞ স্বৰ্গীয় শিশিৰ কুমাৰ বৰুৱাৰ পৰিয়ালটোক নিজৰ ঘৰলৈ আনিলে। সেই আত্মীয়-পৰি- জনসকলৰ সান্নিধ্য আৰু সেৱা-শুশ্ৰুষাতে নিঃসন্তান দম্পতীয়ে জীৱ- নত নোপোৱা পাৰিবাৰিক সুখকণ বিচাৰি ল'লে। পৰিয়ালৰ লোকৰ পৰা শুনা মতে, স্বামীৰ সকলো চিন্তা-ভাৱনাৰ কেন্দ্ৰবিন্দু আছিল তেওঁৰ অসুখীয়া পত্নী। পত্নীয়ে মেলে-মিটিঙে য’লৈকে যাব খোজে তলৈকে ‘হুইল-চেয়াৰ’ৰ সহায়ত নিয়াৰ ব্যৱস্থা তেওঁ কৰিছিল। ব্যক্তিগত সকলো দুখ-বেজাৰ অন্তৰতে লুকুৱাই ৰাখি প্ৰফুল-চিত্তে তেওঁ নিজহাতে, পত্নীৰ সেৱাশুশ্ৰুষা কৰিছিল; নিজৰ ব্যৱসাযিক ব্যস্ততাৰ মাজতো শীতকালি সন্ধিয়া ৰুগীয়া পত্নীৰ কোঠাত নিজহাতে কয়- লাৰ চুলা জ্বলাই দিছিল। তেওঁৰ একমাত্ৰ লক্ষা আছিল—পত্নীয়ে যাতে সকলো দৈহিক যাতনাৰ কথা পাহৰি নিৰৱচ্ছিন্নভাৱে কাব্য-সাধনা কৰিব পাৰে। পত্নী গৰাকীয়েও নিজহাতে স্বামীক ৰান্ধি-বাঢ়ি খুৱাব নোৱাৰে যদিও হুইল চেয়াৰতে বহি গৃহস্থই ভালপোৱা পাচলি কুটি

-কাটি যতনাই দি স্বামীসেৱাৰ তৃপ্তি অকণ বিচাৰিছিল। লাহে লাহে

॥৬৬॥