পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহু উপনিষদৰ সৃষ্টি হৈছিল। অৰণ্যত সৃষ্টি হোৱা বাবে এই শ্ৰেনীৰ গ্ৰন্থ প্ৰথমে আৰণ্যক নামেৰেও পৰিচিত হৈছিল। চাৰিখন বেদৰ যিকোনো এখনৰ অংশ হিচাপে সৃষ্টি হোৱা উপনিষদসমূহ গদ্য আৰু পদ্য উভয় ছন্দতে ৰচিত। বেদৰ যাগ-যজ্ঞাদি আনুষ্ঠানিক পৰ্ব্ব কৰ্ম্ম- কাণ্ড ৰূপে পৰিচিত। ইয়াত বৈদিক দেৱ-দেৱীসকলৰ উদ্দেশ্যে ৰচিত স্তুতি-প্ৰাৰ্থনাও লিপিবদ্ধ হৈছে। কিন্তু উপনিষদত আছে বিশ্বৰ ৰহস্যজাল ভেদ কৰি জীৱনৰ গুঢ়াৰ্থ বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰে তীব্ৰ জ্ঞান-পিপাসা, বেদৰ যিটো অংশক জ্ঞানকাণ্ড বোলা হয়।

 উপনিষদ শব্দৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰণে কৰিছে। প্ৰফেছৰ ডয়ছনৰ ( Prof. Deusson) মতে উপনিষদৰ অৰ্থ হৈছে, ‘ৰহস্যগত জ্ঞান’। পণ্ডিত মেক্স, মূলাৰৰ ধাৰণা, গুৰুৰ কাষত বহি দাৰ্শনিক শিক্ষা লোৱা বাবেই সেইবোৰক উপনিষদ বোলা হয়। অধিক গ্ৰহণযোগ্য ধাৰণা মতে, বেদৰ ওচৰা ওচৰিকৈ, বেদক আশ্ৰয় কৰি গঢ় লোৱা বাবেই সেই গ্ৰন্থ বেদান্ত বা উপনিষদ নামেৰে জনাজাত। উপনিষদৰ সংখ্যা সম্পৰ্কেও নানাজনে নানা মত প্ৰকাশ কৰে। শুনা যায়, ইয়াৰ সংখ্যা হেনো দুশৰ কম নহব। এতিয়ালৈকে উপনিষদৰ বহুত সংকলন প্ৰকাশ হৈ ওলাইছে। কিন্তু তাৰে মাত্ৰ বাৰখনহে বৈদিক যুগৰ উপনিষদ বুলি ঠাৱৰ কৰা হৈছে। ‘ঐতৰেয়’, ‘বৃহদাৰণ্যক’, ‘ছান্দোগ্য’, ‘তৈত্তিৰীয়’, ‘কৌষীতকি' আৰু 'কেন', এই ছয়খন উপ- নিষদক অতি প্ৰাচীন আৰু বেদান্ত দৰ্শনৰ উৎস বুলি ধাৰণা কৰা হয়। ‘কঠ’ বা ‘কঠক’, ‘শ্বেতাশ্বতৰ’, ‘ঈশ’, ‘মুণ্ডক্য', ‘মাণ্ডুক্য’ আৰু ‘প্ৰশ্ন’ নামৰ বাকী ছয়খনে বেদান্তৰ বাহিৰেও সাংখ্য আৰু যোগ দৰ্শনক প্ৰভা- ৱিত কৰা দেখা যায়। বেদ সংহিতা আৰু ব্ৰাহ্মণ ভাগত যজ্ঞানুষ্ঠা- নেই প্ৰধান অংশ যদিও তাতে যি দাৰ্শনিক চিন্তাৰ প্ৰকাশ' দেখা

যায় সি প্ৰধানতঃ ব্ৰাহ্মণ সম্প্ৰদায়ৰে সৃষ্টি। কিন্তু উপনিষদৰ যি

॥৯০॥