সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বদ্ধ এই দেই কাৰাগারে / অসহায় মেষ-শিশুসম / মুক্ত তুমি শক্তি- মান....।” সমাজ, ৰাষ্ট্ৰৰ বাবে নীতি নিৰ্দেশনাও তেওঁৰ কবিতাত আছে। "ভারতের হৃদয়-বীণায় ধ্বনিছে যে ঐক্যতান চিরন্তন আধ্যা- ত্মিক গীতি। সে সুরে মিলাতে হবে যত তব ঐহিক প্ৰয়াস /সমাজ রাষ্ট্ৰের যত নীতি।” ভাৰতীয় ৰাজনীতিৰ সমালোচনা কৰি কৈছে— “সুধু তন্দ্ৰাবাদ / নহে তব লক্ষ্য জীৱনের লক্ষ্য তব বিশ্বজয়, কোষমুক্ত কর এইবার / অসি-তব আধ্যাত্ম জ্ঞানের।" 'ভাৰত তীৰ্থ'ৰ দৰে ‘একাদশী'ৰ কবিতাকেইটিও কবিৰ জাজ্বল্যমান দেশপ্ৰেম আৰু আধ্যাত্মিকতাৰ উজ্বল চানেকী। কিন্তু ভাৱ-ভাষা, কাব্যিক ব্যঞ্জনাৰ দিশৰ পৰা 'একাদশী' অধিক সমৃদ্ধ। দুয়োখনি পুথিয়ে কবিৰ গভীৰ শাস্ত্ৰজ্ঞানৰ পৰিচয় দাঙি ধৰে।

 কবিতাৰ আংগিক যুগে যুগে সলনি হ’ব পাৰে, কিন্তু কবি- তাই যি সত্যৰ বাণী বহন কৰে, যি শাশ্বত প্ৰমূল্যসমূহৰ প্ৰতি মানুহৰ মন আকৰ্ষণ কৰে তাৰ দেশ-কাল নিৰ্বিশেষে কোনো পৰি- বৰ্তন নাই। যি কবিতাই অন্তৰ আলোড়িত কৰাৰ লগতে আলো- কিতও কৰে, পাঠকৰ বাবে অনাবিল আনন্দৰ সৈতে এক মৰ্মবাণীও কঢ়িয়াই আনে তাকেই সাৰ্থক কবিতা বুলিব পাৰি। সংবেদনশীল কবিপ্ৰাণ আৰু সহৃদয় পাঠকৰ অন্তৰৰ সংযোগ সাধন হ'লেহে কাব্য সৃষ্টিৰ উদ্দেশ্য সাধিত হয়— যি গুণৰ অভাৱত সাম্প্ৰতিক কালত কাব্যৰ প্ৰতি পাঠকৰ এক স্বাভাৱিক অনীহা সমাজত গঢ় লৈ উঠা দেখা গৈছে। দিব্যপ্ৰভাৰ কবিতা সম্পৰ্কে ক'ব পাৰি যে তেওঁৰ কাব্যৰ আবেদন পোনপটীয়া, ই আনন্দ দানৰ লগতে এক মহত্তৰ জীৱনৰ বাবে পাঠকক অনুপ্ৰেৰণাও যোগায়।

 এই কবি গৰাকী তেওঁৰ প্ৰাপ্য স্বীকৃতি লাভৰ পৰা দুখ লগাকৈ

॥৮৭॥