পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাহাৰবোৰত কঁইটীয়া জুপুৰা গছৰ পাতল হাবি। কোনো কোনো অঞ্চলত দেখিলে কটুৰ মাটিত কৃত্ৰিম জলসিঞ্চনৰ সহায়ত কৰা বজৰা, জুপুৰা কপাহ আৰু সূৰ্য্যমুখী ফুলৰ সুবিশাল পথাৰৰ শোভা। অৱ- শেষত বেলি মাজমূৰত উঠাৰ আগে আগে আমি সেই কল্পনাৰ ৰূপ- ৰাজ্যত উপস্থিত হলো। বাছৰ পৰা নামি শিলৰ খটখটিৰে উঠা-নমা ভালেখিনি বাট খোজকাঢ়ি গৈ অজন্তা গুহাৰ সমুখত থিয় দিলোগৈ।

 আমাৰ লগত যোৱা গাইডৰ পৰা শুনা মতে খ্ৰীষ্টপূৰ্ব ২য় শতি- কাতে নিৰ্ম্মাণ আৰম্ভ হোৱা অজন্তা গুহাসমূহ প্ৰায় এহেজাৰ বছৰ ধৰি বিস্মৃতিৰ গৰ্ভত সোমাই আছিল। ১৮৭৯ চনত জন স্মিথ নামে চাহাব এজন এই পৰ্ব্বতত বাঘ চিকাৰলৈ আহোতে দৈৱক্ৰমে ১০ নং গুহাটো তেওঁৰ চকুত পৰে। সেইকালত এইবোৰ অঞ্চল হায়দৰা- বাদৰ নিজামৰ শাসনাধীন আছিল। চাহাবজনৰ আবেদন মৰ্ম্মে সেই ঠাইত খনন কাৰ্য্য চলোৱাত শাৰী শাৰী অসংখ্য গুহা আবিস্কৃত হয়। নিজামৰ তৎপৰতাতে গুহাবোৰ খান্দি উলিয়াই তালৈ যাব পৰা লোহাৰ ৰেলিং আৰু খটখটী নিৰ্ম্মাণ কৰা হয়। এই খটখটীয়ে প্ৰতিটো গুহাৰ পৰা পৰ্ব্বতৰ নামনিৰ নিজৰাটোলৈ থকা পূৰ্ব্বৰ লুংলু- ঙীয়া বাটবোৰ বন্ধ কৰি দিলে।

 আমি জানো যে মহাৰাজ অশোকৰ দিনত ভাৰতত বৌদ্ধধৰ্মৰ জয় জয় ময় ময় অবস্থা আছিল। সেইকালতে বৌদ্ধধৰ্মৰ প্ৰচাৰ আৰু চৰ্চ্চাৰ কেন্দ্ৰ হিচাপে বিন্ধ্য পৰ্বতৰ প্ৰায় ১৫২ ফুট ওখত অৱস্থিত অশ্বখুৰা আকৃতিৰ একেটি গ্ৰেনাইট শিলৰ পৰা এই গুহাবাৰ কাটি উলিওৱা হৈছিল। বৌদ্ধ ভিক্ষু সকলে গুহাবোৰত সংঘ হিচাপে থাকি ধৰ্ম্মা লোচনা আৰু ধৰ্ম্ম-প্ৰচাৰ কাৰ্য্য চলাইছিল। জনসাধাৰণেও তীৰ্থস্থান

হিচাপে এই ঠাই দৰ্শন কৰিবলৈ আহিছিল। কিন্তু খ্ৰীষ্টীয় ৭ম শতিকা

॥৯৯॥