সামান্য পৰিমাণে চূণ আৰু বালিৰ বাদে আন একো মা-মছলা ব্যৱহৃত হোৱা নাছিল। জোৰা দিবলগীয়া অংশত লোহাৰ “ক্লেম্প” ব্যৱহাৰ কৰা হৈছিল। বাকী অংশত এনে নিপুনতাৰে থাকথাককৈ শিলবোৰ সজোৱা হৈছিল যে তাৰেই সম্পূৰ্ণ ভাৰসাম্য ৰক্ষাপূৰ্ব্বক মন্দিৰৰ বিশাল অৱয়ৱ নিৰ্ম্মিত হৈছিল। পিছত বিদেশী আক্ৰমণ- কাৰীয়ে কলচী আৰু পদ্মধ্বজ অপসাৰণ কৰাত মন্দিৰৰ মস্তকভাগ ঢিলা হৈ পৰে। সাগৰৰ লুনীয়া বতাহ আৰু উৰি অহা বালিয়েও শিলবোৰৰ বিস্তৰ ক্ষতিসাধন কৰিছিল! ফলস্বৰূপে, প্ৰায় ডেৰশ ফুট ওখ এই মন্দিৰৰ উপৰিভাগ ক্ৰমান্বয়ে খহিবলৈ আৰম্ভ কৰে। ১৮৪৮ খৃষ্টাব্দৰ প্ৰচণ্ড ধুমুহাই ওপৰ অংশ খহাই মন্দিৰটোক এক ধ্বংসস্তু- পত পৰিণত কৰে। খহি পৰা শিলবোৰ বাচি-বাচি জনসাধাৰণে নিজৰ ব্যৱহাৰৰ বাবে লৈ যায়। কুৰ্দা নামে ঠাইৰ ৰজাই আনকি মন্দিৰ চৌহদৰ তিনিখন প্ৰৱেশদ্বাৰ ভাঙি-চিঙি মূল্যবান শিলবোৰ নিজৰ চৌহদত মন্দিৰ সাজিবৰ বাবে লৈ যায়।
অৱশ্যে দিন যোৱাৰ লগে লগে ৰাইজ আৰু চৰকাৰ ভাৰতীয় শিল্পকলাৰ অতুলনীয় নিদৰ্শন এই মন্দিৰৰ ক্ৰমবৰ্দ্ধমান অৱক্ষয়ৰ প্ৰতি সজাগ হৈ উঠিল। ভালেমান দিনৰ পৰা চেগাচোৰোকাকৈ চলি থকা সংৰক্ষণ প্ৰচেষ্টাৰ অন্তত ১৯০১ চনত ভাৰত চৰকাৰৰ ‘আৰ্কিয়- লজিকেল’ বিভাগৰ দ্বাৰা এই কাম শৃঙ্খলাবদ্ধভাৱে আৰম্ভ হয়। মন্দিৰৰ চৌপাশে স্তুপীকৃত শিল-বালি আতৰাই পেলোৱাত অপূৰ্ব্ব শৈলকৰ্ম্মৰে অলঙ্কত ৰথচক্ৰ আৰু ঘোঁৰাৰ সৈতে মন্দিৰৰ সুউচ্চ বুনিয়াদ লোকদৃষ্টিৰ সমুখলৈ আহে। প্ৰকৃতপক্ষে তেতিয়াৰ পৰাহে ই দেশী-বিদেশী হেজাৰ-বিজাৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। কোণাৰকৰ বিগ্ৰহ-বিহীন সূৰ্য্যমন্দিৰে দৰ্শকক এনেদৰে আকৰ্ষিত
কৰে কিয়? উত্তৰত ক'ব লাগিব, মন্দিৰৰ বিশালতা, ইয়াৰ অপূৰ্ব্ব