বিদ্যালয়ত নৈতিক শিক্ষা
শিক্ষাই অজ্ঞানতাৰ কাৰাগাৰত বন্দী মানুহক মুক্তিৰ আস্বাদ,
স্বৰ্গীয় আলোক আৰু আনন্দৰ সন্ধান দিব পাৰে, জন্মগত নানা
সজ-অসজ প্ৰবৃত্তিৰ দাস মাটিৰ মানুহক ভাবীকালৰ মাৰ্গদৰ্শী পোহৰ
শিখাৰূপে চিৰদিনলৈ উজলাই ৰাখিব পাৰে। গতিকে মানৱ-জীৱনত
শিক্ষাৰ ভূমিকা যে অতি গুৰুত্বপূৰ্ণ, ইয়াৰ প্ৰভাৱ যে সুদূৰ প্ৰসাৰী
তাক কোৱা বাহুল্য মাথোন। শিক্ষা এক জীৱন-ব্যাপ্ত প্ৰসঙ্গ।
মাতৃ-গৰ্ভৰ অন্ধকাৰৰ পৰা পৃথিৰীৰ পোহৰলৈ অহা দিনৰে পৰা
শিশুয়ে অভিজ্ঞতা আহৰণ কৰিবলৈ আৰম্ভ কৰে। পিতৃ-মাতৃৰ।
বুকুৰ মাজত, ভাই-ভনী, আত্মীয়-স্বজনৰ স্নেহময় সান্নিধ্যত শিশুৰ
শিক্ষা আৰম্ভ হয়। তাৰ পিছতেই মেল খায় আনুষ্ঠানিক শিক্ষাৰ
পাতনি। চাৰি-পাচবছৰ বয়সৰে পৰা ল'ৰা-ছোৱালীক কোনো
শিক্ষানুষ্ঠানত পৰ্যায়ক্ৰমে নানা বিষয়ৰ শিক্ষা দিয়া হয় যাতে সেই
শিশুয়ে প্ৰাপ্তবয়স্ক হৈ এজন, সম্পূৰ্ণ আৰু প্ৰকৃত নাগৰিক ৰূপে
নিজৰ ভৰিত থিয় দি জীৱনৰ সকলো প্ৰত্যহ্বান সাহসেৰে গ্ৰহণ
কৰিব পাৰে। শিশু অৱস্থাত মানুহৰ মন কুমলীয়া বাঁহৰ নিচিনা,
তাক যিপিনেই মন যায় সেইপিনেই পোনাব পাৰি। সৰুতে
মানুহে যিবোৰ কথা শিকে সেইবোৰ বুঢ়া বয়সলৈকে সুন্দৰকৈ মনত
থাকে। তদুপৰি শিশুয়ে তাৰ কল্পনাপ্ৰৱণ সতেজ মনটোৰে নৱলদ্ধ