‘পলিটিকেল ইকনমি’ৰ থিয়ৰি বা হেজ্ লিট, ডি কুইন্সৰ দুৰূহ ৰচনা বিলাকতো ছাত্ৰই সোৱাদ বিচাৰি পাইছিল। সচৰাচৰ তেখেতে তেতিয়াৰ সপ্তম প্ৰশ্ন কাকতৰ ‘চচাৰ’ আৰু প্ৰথম প্ৰশ্নকাকতৰ ছেক্স্পীয়েৰৰ ট্ৰেজেডীকিখন পঢ়ুৱাইছিল। চতুৰ্দ্দশ শতিকাৰ সেই ৰঙিয়াল কবিজনৰ কবিতাবোৰ যেতিয়া তেওঁ অন্তৰ ঢালি আবৃত্তি কৰে তেতিয়া প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰো হয়তো তেওঁকেই ‘চচাৰ' বুলি এবাৰ কল্পনা কৰি চোৱাৰ প্ৰবৃত্তি জন্মে। বাস্তবিকতে ধুতি-পাঞ্জা- ৱীৰ সলনি পশ্চিমীয়া সাজযোৰ গাত থকা হ'লে তেওঁক ইউৰোপীয় অধ্যাপক বুলিয়েই নতুন ছাত্ৰই খন্তেকলৈ হ'লেও ভুল কৰিলেহেঁতেন। গাঙ্গুলী ‘চচাৰ’ নাছিল সঁচা; কিন্তু দুখ-বেদনা, নীচতা-দীনতাৰ এই পৃথিৱীখনক তেৱোঁ যেন চচাৰসুলভ উদাৰ আনন্দ আৰু সহা- নুভূতিৰেই গ্ৰহণ কৰিব পাৰিছিল। কিং লিয়েৰৰ শেষ বয়সৰ নিঃ- সঙ্গতা আৰু অসহায় মনোভাৱ সেই বুঢ়া মানুহজনৰ কল্পনাৰ মাধ্যমেৰে যেতিয়া ছাত্ৰৰ চকুত মূৰ্ত্তিমান হৈ উঠে তেতিয়া চকুবোৰ সাধাৰণতে শুকান হৈ নাথাকে। আনহাতে ছেক্স্পীয়েৰৰ ’ফল্ষ্টাফ’ৰ বোহে- মিয়ান জীৱন-দৰ্শনৰ তৰাং পানী-ডৰাতো তেওঁ এনে স্বাচ্ছন্দেৰে নাদুৰি সাতুৰি ফুৰিব পাৰিছিল যে মুহূৰ্ত্তলৈ তেওঁকেই ’ফল্ষ্টাফ’ বুলি ভবাৰ (ক্ষমা-প্ৰাৰ্থনাৰে) লোভ কম ছাত্ৰ-ছাত্ৰীয়েই সম্বৰণ কৰিব পাৰে। অভিনয়-কুশল অধ্যাপকজনে মাজে-সময়ে কিংলীয়েৰ, অথেলো আদি নাটকৰ দুই চাৰিটা দৃশ্য ছাত্ৰ-ছাত্ৰীৰ হতুৱাই মঞ্চস্থ কৰাইছিল।
শ্ৰেণী-কোঠাৰ আলোচনাৰ বিষয়বস্তু যিমানেই গভীৰ নহওক, ছাত্ৰ-ছাত্ৰীৰ সৈতে হাঁহিবলৈ তেওঁ সততে সুৰুঙা বিচাৰি ফুৰিছিল।
“নাইট্চ্টে’ল’ বোলা পুথিখনৰ এঠাইত চচাৰে ডেকা প্ৰেমিকৰ