বিপদৰ কথা জনাই তাৰকাসুৰ নিধনৰ উপায় বিচাৰিলে; ব্রহ্মাই উপায় দিলে— শিৱ-পাৰ্ব্বতীৰ মিলনত যিজন কুমাৰৰ জন্ম হ’ব তেৱেঁই তাৰকাসুৰক বধ কৰিব পাৰিব। তেতিয়া দেৱতাসকলৰ সমস্যা হ’ল কেনেকৈনো তপস্যাত সমাহিত মহাসংযমী শিৱৰ তপো ভঙ্গ কৰি তেওঁক উমাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যায় ।
৩য় সৰ্গত দেৱৰাজ ইন্দ্রই প্ৰেমৰ দেৱতা কামদেৱক মতাই নি শিৱৰ চিত্ত-চাঞ্চল্য ঘটাবলৈ অনুৰােধ কৰিছে। দেৱৰাজৰ কথামতে কামদেৱে সখা বসন্ত আৰু পত্নী ৰতিদেৱীৰ সৈতে শিৱৰ তপস্যাভূমিত উপস্থিত হ'লগৈ। লগে লগে হিমালয়ৰ সেই প্রান্তত অকাল বসন্তই দেখা দিলে। গছত থিতাতে কুঁহিপাত ওলাল। নান বৰণীয়া ফুলেৰে প্রকৃতি সুন্দৰ, সুবাসিত হ’ল । গছৰ ডালত পৰি কুলি চৰায়ে মন মতলীয়া কৰা গীত জুৰিলে ; গছৰ তলত শুই থকা কৃষ্ণষাড় পহুহালৰ মতাটোৱ তাৰ শিঙৰ আগেৰে আলফুলকৈ মাইকী জনীৰ চকুৰ গুৰি খজুৱাই দিলে। তাই প্ৰেমৰ আবেশত চকু মুদি পৰি থাকিল। পশু-পক্ষীৰ প্রাণতাে পুলক জগোৱা এনে পৰিবেশতে মদনে তেওঁৰ পুষ্পবাণ শিৱৰ প্রতি নিক্ষেপ কৰিবলৈ উদ্যত হ’ল । হঠাতে মানসিক বিকাৰ অনুভৱ কৰি ক্রোধান্বিত শিৱই চকুমেলি চালে ; লগে লগে তেওঁৰ তৃতীয় নয়নৰ পৰা একুৰা জুই ওলাই মদনক ভস্ম কৰি পেলালে ।
৪র্থ সৰ্গত আৰম্ভনিৰ পৰা প্রায় শেষলৈকে স্বামীহাৰা ৰতিদেৱীৰ বিলাপ। স্বামীৰ মনােহৰ দেহ-সৌষ্ঠৱ মুহূৰ্ত্ততে এমুঠি ছাঁইত
পৰিণত হােৱা দেখি তেওঁ সংজ্ঞাহীন হৈ পৰিল । পিছত চেতনালাভ কৰি স্বামীসঙ্গসুখৰ অতীত মুহূৰ্ত্তবােৰ মনত পেলাই তেওঁ আকুল ভাৱে বিনাবলৈ ধৰিলে। স্বামীসখা বসন্তক তেওঁ খাটনি ধৰিলে, চিতা এখন সাজি দিবলৈ, যাতে তেওঁ স্বামীৰ সহমৰণে গৈ বিচ্ছেদ-
॥৫১॥