পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুটুপি চকুলো : মণি গাঙ্গুলীলৈ

 গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণী খোলাৰে পৰা যোৱা '৬৩ চনলৈকে যিসকল এই বিষয়ৰ অধ্যয়নৰ বাবে আহিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ সম্ভৱতঃ অধিকাংশৰ বাবেই বিশ্ববিদ্যালয়ত সবাতোকৈ আনন্দৰ, সবাতোকৈ তৃপ্তিৰ সময়কণ আছিল অধ্যাপক মণিকুমাৰ গাঙ্গূলীৰ ক্লাচটো। ঘন্টাৰ পিছত ঘণ্টা ধৰি বিৰতিহীন ক্লাচবোৰৰ ক্লান্তিৰ মাজতো ছাত্ৰ-ছাত্ৰীয়ে পৰম আশাৰে সেইখিনি সময়লৈকে বাট চাই থাকে। ক্লাচৰ বৃহৎ দৰজা- খন নিঃশব্দে খুলি কাড় এপাট অহাদি সুদৰ্শন পুৰুষজন সোমাই আহি প্লেটফৰ্‌মত উঠেহি; পকা বাঙিৰ ৰঙৰ এটি নাতিদীৰ্ঘ ঋজু দেহ, গাত ইস্ত্ৰিৰ স্পষ্ট ভাজবোৰেৰে এষোৰ মিহি ধুতি-পাঞ্জাৱী; বুদ্ধিদীপ্ত মুখখনিত সময়ৰ ৰেখাবোৰে আত্মগোপন কৰিব নোৱাৰে যদিও দেহ-মনত এটি পচিশ বছৰীয়া ডেকাৰ অফুৰন্ত উদ্যম আৰু প্ৰাণ প্ৰাচুৰ্য্য৷ সেইজন মণিকুমাৰ গাঙ্গুলী–গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ তেতিয়াৰ মূৰব্বী অধ্যাপক। যোৱা ১৯ জুলাই তাৰিখে হৃদ-যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পয়ষষ্ঠি বছৰ বয়সতে জলপাই- গুৰিত তেওঁৰ মৃত্যু ঘটিছে। ছাত্ৰ হিচাপে অত্যন্ত মেধাবী গাঙ্গূলী- দেৱে ১৯২২ চনতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত

প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি এম. এ. পাছ কৰে। বৰিশাল

॥ ১॥