আকৃষ্ট কৰে। পিছলৈ তেওঁ আটাইকেইখন বৈদিক উপনিষদ অধ্যয়ন কৰি সেইবোৰ ইংৰাজী ভাষালৈ অনুবাদ কৰে; সেইদৰেই প্ৰাচ্যৰ অধ্যাত্ম জ্ঞানৰ দুৱাৰ পশ্চিমৰ লোকৰ বাবে উন্মুক্ত হৈ পৰে। মাৰ্কিন কবি ইমাৰ্ছন উপনিষদৰ ভাৱনাৰে বিশেষভাৱে প্ৰভাৱিত হৈছিল। ইংৰাজ কবি ওৱাৰ্ডচ্ ওৱৰ্থৰ কবিতাতো উপনিষদ বৰ্ণিত বিশ্বময় এক নৈৰ্ব্যক্তিক মহাশক্তিৰ অস্তিত্বৰ কথা অনুভূত হয়।
উনবিংশ শতিকাত ইংৰাজ সংস্কৃতি আৰু খ্ৰীষ্টান ধৰ্ম্মৰ প্ৰভাৱত এচাম ভাৰতীয় নিজৰ ধৰ্ম্ম আৰু সংস্কৃতিৰ প্ৰতি উদাসীন হৈ পৰি- ছিল। তেনে পৰিস্থিতি ৰোধ কৰাৰ প্ৰচেষ্টাৰে বংগদেশত যি ব্ৰাহ্মণ ধৰ্ম্মৰ প্ৰৱৰ্ত্তন হৈছিল তাৰ মূলতে আছিল উপনিষদৰ শিক্ষা। ব্ৰহ্ম- সূত্ৰ আৰু উপনিষদক ভিত্তি কৰিয়েই পূৰ্ব্বৰ নানান দেৱ-দেৱীৰ পূজা- অৰ্চ্চণাৰ পৰিবৰ্তে নিৰাকাৰ ভগৱানৰ উপাসনা ৰীতিৰে বঙ্গত ব্ৰাহ্ম ধৰ্ম প্ৰচাৰৰ গুৰিতে আছিল ৰাজা ৰামমোহন ৰায়। তেওঁ অনুভৱ কৰিছিল, ভাৰতৰ হিন্দুসকলে যদি উপনিষদৰ ধৰ্ম্ম গ্ৰহণ কৰে তেন্তে ভাৰতত জাতীয় আৰু সামাজিক ঐক্য প্ৰতিষ্ঠা হ’ব। মহৰ্ষি দেবেন্দ্ৰ নাথ ঠাকুৰ, কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ দুয়ো ব্ৰাহ্ম ধৰ্ম্ম গ্ৰহণ কৰি সমাজত উপনিষদৰ মৰ্ম্মবাণীৰে দেশবাসীক উদ্বুদ্ধ কৰিবলৈ আজীৱন চেষ্টা চলাইছিল। অকল ধৰ্ম্মীয় দিশতে নহয়, শিক্ষা-সাহিত্য, সামা- জিক চিন্তাধাৰা—সকলো ক্ষেত্ৰতে ৰবীন্দ্ৰনাথৰ ব্যক্তিসত্ত্বা উপনিষদৰ ঋষিসকলৰ দিব্য-চেতনা; আনন্দানুভূতিৰে অনুপ্ৰাণিত হৈছিল। “গীতা- ঞ্জলি”, নৈবেদ্য প্ৰভৃতি তেওঁৰ কাব্য গ্ৰন্থৰ পাতে পাতে উপনিষদৰ অমৃতময় বাণীৰ অনুৰণন শুনিবলৈ পোৱা যায়।
উপনিষদৰ বাণীৰে বিশেষভাৱে প্ৰভাৱিত হোৱা আন এজন মহান ভাৰতীয় আছিল স্বামী বিবেকানন্দ। বেদান্তৰ অদ্বৈতবাদী
দৰ্শনত বিশ্বাসী এই গৰাকী মনীষীয়ে উপনিষদৰ বাণীসমূহ দেশে-