পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকৃতিক তেওঁ অতি অন্তৰঙ্গতাৰে গভীৰভাৱে পৰ্য্যবেক্ষণ কৰে, তেওঁৰ সকলো উপমা, দৃষ্টান্ত প্ৰকৃতিৰ বুকুৰ পৰাই লোৱা। আনহাতে ছেক্সপীয়াৰৰ দৰে মানৱ-চৰিত্ৰ চিত্ৰণতে তেওঁ অসাধাৰণ দক্ষতাৰ পৰিচয় দিয়ে। ভাৱৰ সৰলতা, স্বচ্ছতা, ভাষাৰ সঙ্গীতময়তাই তেওঁৰ কাব্যক বিনাদ্বিধাই সন্মানৰ শীৰ্ষস্থানত থাপিছে। মহাকাব্য হিচাপে ৰঘুবংশক শ্ৰেষ্ঠ স্থান দিয়া কৃতী সমালোচক ডঃ ৰায়দাৰে (Dr. Ryder) পৰিশেষত মন্তব্য কৰিছে, “কুমাৰসম্ভৱত এনে কিছু অন্তৰ

পৰশ উক্তি, এনে কিছু ঐশ্বৰ্যময় চিত্ৰকল্প আছে যিবোৰ পৃথিবীয়ে কেতিয়াও বিস্মৃতিৰ গৰ্ভত লয় পাবলৈ এৰি দিব নোৱাৰে।”

॥৫৬॥