পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দয়ধ্বম্'- অৰ্থাৎ দান কৰা, দমন কৰা, দয়া কৰাৰ উপদেশ এই উপনিষদতে আছে।

 মুঠ কথাত উপনিষদে মানুহক আঙুলিয়াই দিয়ে এক পৰিপূৰ্ণ জীৱনৰ পথ—য’ত ব্যক্তি আৰু সমাজ উভয়ৰে কল্যাণ চিন্তা নিহিত হৈ থাকে। উপনিষদে জীৱনৰ কোনো দিশকে হেয় নকৰে; পৰমাৰ্থ লাভৰ বাবে সংসাৰ-বিৰাগী সন্যাসী হ’বলৈ উপনিষদে উপদেশ নিদিয়ে। উপনিষদত বুদ্ধি-বৃত্তি আৰু হৃদয়-বৃত্তিক সমানে গুৰুত্ব দিয়া হৈছে। ত্যাগ আৰু ভোগৰ সমন্বয়তহে জীৱনে সাৰ্থকতা লাভ কৰে। ইন্দ্ৰিয় নিগ্ৰহৰ প্ৰয়োজন নাই, প্ৰয়োজন ইন্দ্ৰিয় নিয়ন্ত্ৰণৰ। এনে মহৎ শিক্ষাই আমি উপনিষদৰ পৰা পাওঁ।

 আজিৰ অনাচাৰ ভ্ৰষ্টাচাৰ ধৰ্ম্মান্ধতাৰ যুগত ৰিভ্ৰান্ত মানুহৰ মাৰ্গ-দৰ্শনৰ বাবে উপনিষদৰ বাণীৰ পুনৰ্চিন্তন, পুনৰ্মূল্যায়নৰ একান্ত আৱশ্যক হৈছে। ভাৰতৰ সনাতন ঐতিহ্য বজাই ৰাখিবলৈ হ’লে উপনিষদৰ শিক্ষাৰ বহুল প্ৰচাৰ হোৱা উচিত। গতিকে আঞ্চলিক ভাষাত ইয়াৰ অনুবাদ, ভাষ্য আৰু ব্যাখ্যাৰ, প্ৰচাৰৰ বাবে সংস্কৃতজ্ঞ সুধী সমাজ আগবাঢ়ি অহাটো একপ্ৰকাৰ জাতীয় কৰ্ত্তব্য। O

॥৯৭॥