পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উলিওৱা ইলোৰাৰ ৩৪ টা গুহাৰ নিৰ্ম্মাণ কাল ৭ম শতিকাৰ পৰা ১২শ শতিকাৰ ভিতৰত বুলি ঠাৱৰ কৰা হৈছে। অজন্তাৰ দৰে ইলো- ৰাৰ-গুহাবোৰ লোকালয়ৰ পৰা বহু আঁতৰত অৱস্থিত নোহোৱা বাবে এইবোৰত সদায় জনসমাগম আছিল। বিশেষকৈ বাৰিষাকালি আৰু মহামাৰীৰ সময়ত বহু লোক আহি এই গুহাবোৱত আশ্ৰয় লৈছিলহি। ফলত মানুহৰ অত্যাচাৰত ইয়াৰ চাল-বেৰৰ চিত্ৰবোৰ নিশ্চিহ্ন হৈ গ'ল। কিন্তু ভাস্কৰ্য্য আৰু স্থাপত্য কলাৰ দিশৰ পৰা ইলোৰাৰ গুহা অজন্তাতকৈ অধিক আকৰ্ষণীয়।

 ইলোৰাত থকা একুৰি চৈধ্যটা গুহাৰ প্ৰথম ১২ টা বৌদ্ধধৰ্ম্ম বিষয়ক, ১৭ টা হিন্দুধৰ্ম্ম আৰু বাকী পাঁচোটা জৈন ধৰ্ম্মৰ সৈতে জড়িত। বৌদ্ধ গুহা কেইটাৰ ভিতৰত খ্ৰীষ্টাব্দ ৮ম শতিকাত নিৰ্ম্মিত ১০ নং গুহাটোৰ কাৰুকাৰ্য্য অপূৰ্ব্ব সুন্দৰ। কাঠত কটা শিল্পৰ আৰ্হিত কাটি উলিওৱা গুহাটিৰ অন্ধগোলাকাৰ চাল আৰু চৈত্য অতি চকুত লগা। এই গুহাত খোদিত মূৰ্ত্তিটি শিল্পকৰ্ম্মৰ অধিষ্ঠাতা দেৱতা বিশ্ব- কৰ্ম্মাৰ বুলি বিশ্বাস প্ৰচলিত। ভাৰতত সেইকাল বৌদ্ধধৰ্ম্মৰ ঠাইত ব্ৰাহ্মণ্য ধৰ্ম্মই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত এই গুহাটিত এক মিশ্ৰিত ধৰ্ম্মীয় সংস্কৃতিৰ প্ৰভাৱ পৰা যেন অনুমান হয়। এক সুবৃহৎ ছাত্ৰা- বাসৰ আৰ্হিৰে নিৰ্ম্মিত তিনিমহলীয়া ১২নং গুহটো দেখি আমি আনন্দ আৰু বিস্ময়ত পুলকিত হ'লো। ধাৰণা হ'ল, আজিৰ যুগৰ স্থপতি- বিদ্ সকলে আধুনিক ছাত্ৰাবাসৰ ধাৰণা সেই গুহাৰ নিৰ্ম্মাণ শৈলীৰ পৰাই লৈছিল। পঞ্চাশ ফুট ওখ সেই গুহাৰ বাহিৰখন উকা যদিও ভিতৰৰ কাৰু-কাৰ্য্য অতি সূক্ষ্ম। প্ৰতিটো মহলতে একোটাকৈ ডাঙৰ হলঘৰ আৰু গেলাৰী আছে। সমুখভাগৰ চোতালৰ বাওঁকোণত আছু- তীয়াকৈ থকা ৰান্ধনীঘৰটোৰ ভিতৰত এটা কুঁৱা আৰু পানী ওলাই

যাব পৰাকৈ তলে তলে নলাৰ ব্যৱস্থা আছে। চৈত্য আৰু বিহাৰ

॥১০৪॥