পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এক বিশেষ গুণ। ভোকাতুৰ, নিঃস্ব মানুহৰ জীৱন সংগ্ৰামৰ ছবি তেওঁ বিশেষ অন্তৰঙ্গতাৰে ফুটাই তুলিবলৈ সক্ষম হৈছে। “ক্ষুধা”, ‘কৰমণ্ডল’, ‘এটি হুমুনীয়াহ’, ‘শ্ৰমৰ দান’, ‘পুৰস্কাৰ’ আদি কবিতা তাৰ সাৰ্থক উদাহৰণ—

“সিহঁত টোপনি গ'ল
ভাগৰ জুৰোৱ গান গাই
সিহঁতৰ খহতা ছালত লাগি ৰ’ল
গোট মাৰি ক'লা পৰা
দলনিৰ জোকৰ কামোৰ
আৰু তেজৰ চেকুৰা” ( শ্ৰমৰ দান )

 যুগ যুগ ধৰি সমাজত চলি অহা ধনী-দুখীয়াৰ মাজৰ অসমতা শক্তিমান বা কৌশলীসকলৰ দ্বাৰা দুৰ্বল শ্ৰেণীৰ শোষণ-নিপীড়নে কবিক সততে পীড়া দিয়ে; সকলো অসমতা, অন্যায় অবিচাৰৰ অৱ- সান বিচাৰি তেওঁ এক সামাজিক বিপ্লৱৰ সপোন দেখে—

“ৰুদ্ৰ ত্ৰিনয়নত জুই জ্বলে
মানুহৰ কোছ খোৱা কপালত
জুই জ্বলে দুৰ্দাম সঙ্কল্পৰ বাবে
উমি উমি তুঁহ জুইত
এনেকৈয়ে দাবানল জ্বলে
নতুন এখন পৃথিৱীৰ বাবে।” (এনেকৈয়ে জ্বলে )

 এদিন সীমান্তৰ সেউজী ধৰণী অগ্নিগৰ্ভ হ'ল, যুদ্ধৰ বিভী- ষিকাই শিশুৰ হাঁহি, গৰখীয়াৰ বাঁহী স্তব্ধ কৰি দিলে, নিত্য-ব্যৱহাৰ্য্য বস্তুৰ উৎকট অনাটনে সদা শংকিত মানুহজাকক সকলো উচ্চ চিন্তাৰ পৰা আজুৰি আনি পেটসৰ্বস্ব কৰি তুলিলে। এইবোৰ সমস্যাই

কবিপ্ৰাণত যি হাহাকাৰ তুলিছিল তাক তেওঁ ভালেমান কবিতাত

॥৭৮॥