পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চৰম সুখ মাতৃত্বৰ পৰাও বঞ্চিত সেই তৰুণীয়ে হয়তো লেখা-মেলাৰ যোগেদিয়েই ভৱিষ্যতৰ বুকুত নিজ স্বাক্ষৰ এৰি যোৱাৰ কথা চিন্তা কৰিলে। তেওঁৰ চিন্তা-ভাৱনা লাহে লাহে অন্তৰ্মুখী হ’ল। চকু- পানী সামৰি তেওঁ হাতত কলম তুলি ল'লে। দুৰ্গী বৰুৱাই তেওঁৰ সকলো লেখা সযতনে সামৰি থৈছিল। তেওঁ নিজেও এজন সাহিত্য প্ৰেমী আছিল। তেওঁৰ উদগনি আৰু চেষ্টাতে লাহে লাহে ইখন সিখন আলোচনীত ধৰ্ম্মেশ্বৰীৰ কবিতা প্ৰকাশ হ’বলৈ ধৰিলে! দুখ বেজাৰত ভাঙি পৰা নাৰীগৰাকীয়ে যেন এন্ধাৰৰ মাজতে এচেৰেঙা পোহৰ দেখা পালে।

 পত্নীৰ শাৰীৰিক অৱস্থাৰ একো উন্নতি নেদেখি দুৰ্গানাথ বৰুৱাই উন্নত চিকিৎসা আৰু জলবায়ু পৰিবৰ্তনৰ বাবে তেওঁক দুবছৰ কলি- কতা আৰু পুৰীত ৰাখিছিল। তেওঁ পত্নীক হুইল চেয়াৰত বহুৱাই সাগৰৰ পাৰত ফুৰাইছিল, বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ দৰ্শন কৰাইছিল, কলিকতাৰ মঞ্চত যাত্ৰা-থিয়েটাৰ দেখুৱাইছিল। স্বামীৰ মৰম-যত্ন, লগতে সাগৰৰ সীমাহীন বিস্ময়কৰ সৌন্দৰ্য্য, মন্দিৰত দেৱতাৰ অপূৰ্ব মূৰ্ত্তি, বিবিধ সুগন্ধি পূজাৰ ফুলে তেওঁৰ কবিপ্ৰাণ ভৰাই তুলিলে। হৃদয়ৰ উদ্বেলিত ভাৱাবেগে কবিতাৰ ৰূপ ললে। ৰাতিৰ ধুমুহাই খুন্দি থৈ যোৱা পদুমনি পুৱাৰ সূৰ্য্য-কিৰণত ঠন ধৰি উঠাৰ দৰে স্বামীৰ মৰম-ভালপোৱা, উৎসাহ উদগনিত ভাঙি পৰিব খোজা মনটো টনকিয়াল হৈ উঠিল। গভীৰ আত্মপ্ৰত্যয়েৰে এইবাৰ তেওঁ কাব্য-সাধনাত নিবিষ্ট হ'ল। ১৯২৯ চনত তেওঁৰ ওঠৰটি কবিতাৰ সংকলন ‘ফুলৰ শৰাই’ দুৰ্গানাথ বৰুৱাই নিজে ছপাই উলিয়ালে। পুথিখনি পত্নীৰ হাতত তুলি দি তেওঁ ক'লে, এই ‘ফুলৰ শৰাই’ খনিকে তুমি নিজৰ সন্তান বুলি ভাবিবা; নিজৰ পৰা যাৰ জন্ম হয়

সেয়ে আত্মজ বা সন্তান। এই কবিতাখিনিও তোমাৰ আত্মাৰ পৰা

॥৬৫॥