পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানসিক, আৰ্থিকভাৱে সাধ্যমতে সহায় আগবঢ়াবলৈ লৰা-ছোৱালীক উদগনি যোগোৱা শিক্ষকসকলৰ কৰ্ত্তব্য। স্কাউট, গাইড, জাতীয় শিক্ষাৰ্থী বাহিনীৰ সদস্যভূক্ত হৈ ছাত্ৰ-ছাত্ৰীয়ে এনে সেৱা সুন্দৰভাৱে আগবঢ়াব পাৰে।

 এইদৰে পাঠ্যক্ৰম আৰু বহিঃ পাঠ্যক্ৰম বিষয়ত লৰা-ছোৱালীক আৱদ্ধ ৰাখিব পাৰিলে ছাত্ৰ-ছাত্ৰীসকল কু-প্ৰভাৱ, কু-চিন্তা, কু-কৰ্ম্মৰ পৰা বিৰত থাকিব, আপোনা আপুনি চৰিত্ৰগঠনৰ পাঠ শিকিব। কিন্তু বিশেষভাৱে মনত ৰাখিবলগীয়া কথা এয়ে যে নৈতিক শিক্ষাৰ সুফল পাবলৈ হলে শিক্ষক-শিক্ষয়িত্ৰীসকল আদৰ্শস্থানীয় হবই লাগিব, যাতে উপদেশৰ লগতে তেওঁলোকৰ ব্যক্তিত্বয়ো লৰা-ছোৱালীক প্ৰভা- ৱান্বিত কৰে। বহু বিদ্যালয়ত দেখা যায় পৰীক্ষাৰ ফলাফল উন্নত কৰাৰ মানসেৰে স্কুল কৰ্তৃপক্ষই বহিঃ পাঠ্যক্ৰম বিষয়সমূহৰ সা-সুবিধা দিয়াত কৃপনালি কৰে। বছৰত এবাৰ বাৰ্ষিক খেল-ধেমালিৰ সময়ত পতা এখন তৰ্ক বা সঙ্গীত-প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ বিশেষ উপকাৰ সাধন নকৰে। ওৰেটো শিক্ষা বছৰত উক্ত বিষয় সমূহৰ চৰ্চ্চা আৰু অনুশীলনৰ বাবে মাহত অন্ততঃ এবাৰকৈ হলেও সময় উলিয়াই দিব লাগে।

 ছাত্ৰ-ছাত্ৰীসকলেই দেশৰ ভবিষ্যৎ আশা-ভৰষাৰ স্থল। দেশৰ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ হ'লে দেশৰ সমৃদ্ধ ঐতিহ্য বজাই ৰাখি সভ্যতা সংস্কৃতিক প্ৰগতিৰ পথেৰে আগবঢ়াই নিবলৈ হ'লে শিক্ষাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সা-সুবিধা আমাৰ সন্তানসকলে পোৱা উচিত। গতিকে এইবোৰ ক্ষেত্ৰত অধিক মনোযোগ, অধিক চিন্তা-চৰ্চ্চা-গবেষণা, অধিক অৰ্থব্যয়ৰ বাট মুকলি ৰাখিব লাগিব।

 ধৰ্ম্ম আৰু নৈতিকতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষত নৱজাগৰণ অনাৰ

॥২৩॥