পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰিলেও মনোৰঞ্জক তথা চৰিত্ৰ-গঠনৰ সহায়ক আকৰ্ষনীয় পুথিৰ যোগান ধৰিব লাগে। এনেবোৰ সজ দৃষ্টান্ত বোলছবি, অনাতাঁৰ, দূৰদৰ্শনৰ মাধ্যেমেৰেও শিশুক প্ৰত্যক্ষ কৰাব পাৰি।

 শিশুৰ কায়িক, মানসিক, নৈতিক, বৌদ্ধিক আটাইবোৰ দিশৰে উন্নতি বদি শিক্ষাৰ লক্ষ্য হয় তেনেহলে পঢ়াশলীয়া শিক্ষাৰ কাল- ছোৱাত নৈতিক শিক্ষাদানত গুৰুত্ব প্ৰদান কৰিবই লাগিব। শিশুক সৰু কালতে সৎ-অসৎ, নীতি-অনীতিৰ জ্ঞান দিব নোৱাৰিলে নৈতিক বলেৰে বলীয়ান ছাত্ৰসমাজ এখন আশা কৰিব নোৱাৰি আৰু সত্য-প্ৰেম অহিংসাৰ ভেটিত প্ৰতিষ্ঠিত ভাৰতীয় আদৰ্শ পৰ- ম্পৰা ৰক্ষা কৰিব পৰা নেযাব। গতিকে আমাৰ আনুষ্ঠানিক শিক্ষা- পদ্ধতিত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন কোনোপধ্যেই নুই কৰিব নোৱাৰি।

 আমাৰ প্ৰাচীন ধৰ্ম্মপুথি বিলাকেই সকলো নৈতিক আদৰ্শৰ ভৰাল। গীতা-কোৰাণ বাইবেল আদি ধৰ্ম্মপুথিত পোৱা সজ উপ-দেশ সমূহেই সংসাৰ ধুমুহাত দিশহাৰা মানুহক শাস্তি, সিদ্ধি আৰু মুক্তিৰ পথ দেখুৱায়। গতিকে নৈতিক শিক্ষাৰ কথা ভাবিলেই ধৰ্ম্মীয় শিক্ষাৰ কথা আপোনা-আপুনি আহি পৰে। ভাৰতৰ দৰে বিভিন্ন ধৰ্ম্মীয় মতবাদৰ দেশত বিদ্যালয়ত ধৰ্ম্মশিক্ষা দিয়াত বিশেষ অসুবিধা আছে। ধৰ্ম্মনিৰপেক্ষতা আমাৰ আদৰ্শ হলেও এটা কথা কবই লাগিব যে বস্তুবাদী প্ৰগতিয়েই ভাৰতৰ একমাত্ৰ লক্ষ্য নহয়। ভাৰতীয় দৰ্শনৰ মৰ্ম্মবস্তু হৈছে এক গভীৰ ধৰ্ম্মীয় অনুভূতি, ঐশ্বৰিক শক্তি অটল বিশ্বাস। বস্তুবাদী প্ৰগতিৰ উচ্চ শিখৰ আৰোহন কৰা পশ্চিমীয়া দেশ সমূহেও শান্তি বিচাৰি আধ্যাত্মিকতাৰ দেশ ভাৰতবৰ্ষলৈকে চায়। গতিকে মহান ভাৰতীয় ঐতিহ্য পৰৱৰ্ত্তী

॥ ১৫ ॥