এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খোৱাৰ দৰে সহজ কথা আছিল, যি যুগত নিঃসন্তান বা ৰুগীয়া পত্নীৰ কথাই নাই, পুত্ৰ-সন্তান জন্ম দিব নোৱাৰা পত্নীয়েও সতিনী-খটাৰ দৰে অভিশাপ মূৰ পাতি লবলগীয়া হৈছিল, সেই যুগত দুৰ্গানাথ বৰুৱাই ওৰেটো জীৱন শাৰীৰিক ভাৱে অক্ষম, মাতৃত্বৰ পৰা বঞ্চিত পত্নীকে আগত লৈ চাই থাকিল; অসীম ত্যাগস্বীকাৰ, গভীৰ প্ৰেম -সহানুভূতিৰে তেওঁৰ সুপ্ত প্ৰতিভা জগাই তুলি তাৰ বিকাশৰ পথ মোকলাই দিলে। ধৰ্ম্মেশ্বৰী দেৱীৰ কাব্য-কৃতিৰ কথা সুঁৱৰিলে এই ত্যাগী মহানুভৱ পুৰুষজনকো আমি নিশ্চয় সুঁৱৰিব লাগিব। অসমীয়া ভাষা-সাহিত্য, অমৰ প্ৰেমিক দুৰ্গানাথৰ ওচৰত একপ্ৰকাৰে
ঋণী বুলি ক'লেও বঢ়াই কোৱা নহ’ব।
॥৭৫॥