পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল। ইংৰাজী সাহিত্যৰ সীমাহীন সাগৰখনলৈ মাতি আনি পাৰৰ সন্ধান দিয়াৰ সলনি ‘ভূমানন্দ’ৰ আস্বাদ দিবলৈ চেষ্টা কৰি ছাত্ৰৰ ৰং চোৱাৰ প্ৰবৃত্তি তেওঁৰ নাছিল। যি কেইখন কিতাপ তেওঁ পঢ়ুৱাইছিল এটি সীমিত পৰিসৰৰ মাজত সেই পুথিৰ পুংখানুপুঙ্খ আলোচনাৰ দ্বাৰা তেওঁ বিষয়বস্তু সহজ আৰু বোধগম্য কৰি তুলিছিল। নিয়মিত টিউটৰিয়েল ক্লাচৰ উপৰিও পাঠ্যক্ৰমৰ অন্তৰ্গত কোনো বিষয় লৈ আলোচনা চক্ৰ আদি পাতিবলৈ ছাত্ৰক তেওঁ উৎসাহিত কৰিছিল।

 এজন সফল শিক্ষক হ’বলৈ হ'লে শিক্ষণীয় বিষয়-বিশেষত অগাধ জ্ঞান থাকিলেই নহয়; নিজৰ প্ৰাণৰ ৰঙেৰে বোলাই সেই অমূৰ্ত্তক জ্ঞান ছাত্ৰৰ বাবে আকৰ্ষণীয় কৰি তুলিব নোৱাৰিলে মুষ্টিমেয় অত্যন্ত নিষ্ঠাবান ছাত্ৰ-ছাত্ৰীত বাদে বাকীসকলৰ মনোযোগ আকৰ্ষণ কৰাৰ চেষ্টা নিৰৰ্থক। ফলত ক্লাচৰ পিছৰ বেঞ্চিবোৰত গান-বাজনা, কথা-বতৰা, ছবিঅঁকা, ঠাট্টা-মস্কৰা আদি বিভিন্ন ধৰণৰ কাৰ্য্য লুকাই-চুৰকৈ হ'লেও চলি থাকে। সেইপিনৰ পৰা শিক্ষক হিচাপে গাঙ্গূলী-দেৱৰ কৃতিত্ব শলাগিবলগীয়া আছিল। অকল জ্ঞানৰ গভীৰতাই নহয়, তেখেতৰ সৰল ইংৰাজী বক্তৃতাৰ সাৱলীলতা, প্ৰাণস্পৰ্শী প্ৰকাশভংগীয়ে সকলো পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীকে তন্ময় কৰি ৰাখিব পাৰিছিল। যিজন সাহিত্যিকৰ বিষয়েই তেওঁ নপঢ়ুৱাওক, আলোচিত ব্যক্তিত্বৰ স’তে তেওঁ এটি নিবিড় আত্মীয়তাৰ ভাৱ গঢ়ি তুলিব পাৰিছিল। অংগী-ভংগী আৰু অনুৰূপ ভাৱ প্ৰকাশৰ দ্বাৰা এটি নাটকীয় পৰিবেশ সৃষ্টি কৰি মানুহজনে বিষয়বস্তুক এনেভাৱে প্ৰাণবন্ত কৰি তোলে যে ছাত্ৰ-ছাত্ৰীৰ মনত সি মচিব নোৱাৰাকৈ দাগ কাটি যায়। সেইদৰে নিৰহ-নিপানীকৈ আলোচনা কৰা, বাবেই হয়তো ৰাস্কিনৰ

॥৩॥