অকলশৰীয়া জীৱনৰ প্ৰতিবিম্ব দেখে।
অৰ্পনাৰ কবিতাসমূহ বিভিন্ন ছন্দত লিখা। যৌৱন-সুলভ ৰঙীন কল্পনা আৰু আবেগ-উচ্ছাস, লগতে ভাৱৰ উপযুক্ত শব্দৰাজিৰ নিৰ্বাচনে কবিতাখিনিক প্ৰাণ দিছে। ভাষাৰ সাৱলীলতা আৰু সংগীতময়তাই অৰ্পনাক সুখপাঠ্য কৰি তুলিছে।
কবিৰ প্ৰেমানুভূতি যেতিয়া ইন্দ্ৰিয়াতীত পৰ্য্যায় পালেগৈ তেতিয়া জন্ম লাভ কৰিলে “মালঞ্চ” নামৰ দ্বিতীয়টি সংকলনৰ কবিতাসমূহে। এইখিনি কবিতা ১৯৪৯-৫০ চনৰ ভিতৰত ৰচিত। ১৯৫৪ চনত প্ৰকা- শিত এই পুথিখনিত থকা একুৰি এঘাৰটি কবিতাৰ কোনো শিৰো- নামা নাই। মাত্ৰ ভাব, ভাষা আৰু ছন্দৰ পাৰ্থক্য অনুযায়ী ক্ৰমিক সংখ্যাৰে সজোৱা হৈছে। অটাইখিনি কবিতা সেই পৰম-পুৰুষক উদ্দ্যেশি, যিজন—‘বিৰাট অনন্ত' “বিশ্বব্যাপি চেতনা অৰূপ”, যিজন “চিৰজাগ্ৰত সত্ত্বা চিদ্ঘন আনন্দ স্বৰূপ—“যাক দেখা নাই দুচকুৰে/ চিনাকী তথাপি যেন যুগ যুগান্তৰে; যাৰ শুনা নাই বাণী কাণে/ পৰাণ বীণত মাথোঁ কঁপিছে সঘনে/যাৰ অবিচ্ছিন্ন সুৰৰ লহৰ।” একে আষাৰতে ক'বলৈ গ'লে মালঞ্চ কবি গৰাকীৰ আধ্যাত্মিক উপ- লব্ধিৰ কাব্যিক প্ৰকাশ। কবি অসীমৰ পিয়াসী, অমৃতৰ অভিলাষী। ব্যাকুল বিশ্ব বীণাত বাজি উঠা সুৰ-তাল-ছন্দই কবিক আপোন পাহৰা কৰে৷ বিশ্ব প্ৰকৃতিৰ ৰূপ-সাগৰত ডুব দি তেওঁ অৰূপ ৰতন বিচাৰি ফুৰে। “কাৰ সি চৰণ ধ্বনি ৰিণি ৰিণি / দূৰণিত ধীৰে মিলি যায়, কাৰ যেন কণ্ঠস্বৰ / অশ্ৰুত মধুৰ / মলয়াত উঠে ঠেকা খাই।” কবিতা সমূহৰ মাজেৰে কবিৰ যি আত্মানুসন্ধানৰ প্ৰচেষ্টা সেই প্ৰচে- ষ্টাত তেওঁৰ আত্মা আলোকিত হৈছে, প্ৰকৃতিৰ ৰহস্যময়ী ৰূপ ভাস্বৰ
হৈ উঠিছে। ভাৰতীয় দৰ্শনৰ আত্মা সম্পৰ্কে কবিৰ যি বদ্ধমূল ধাৰণা