পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চলাত কোনো অসুবিধা নাই। উৎসৱৰ নামত শিশুগ্ৰামত কেৱল বিহু, ঈদ আৰু বৰদিনহে পালন কৰা হয়। ল'ৰা-ছোৱালীহঁতৰ বেমাৰ আজাৰ হ'লে ক’ত চিকিৎসা কৰে? –আমাৰ প্ৰশ্নৰ উত্তৰত সঞ্চালক মহোদয়ে ক'লে যে তেওঁ নিজে এজন চিকিৎসক; বিশেষজ্ঞৰ দৰকাৰ হ'লে বাহিৰৰ পৰা অনা হয়। জটিল ৰোগত ভোগা শিশুক অস- মৰ বাহিৰলৈ পঠোৱাৰ দৃষ্টান্তও আছে। সঞ্চালক মহোদয়ে এটা কথাই দোহাৰিছিল যে শিশুগ্ৰামৰ মুল লক্ষ্য হৈছে শিশুক এখন ঘৰ আৰু এগৰাকী মাতৃ দিয়া, যাতে সেই শিশুৱে স্বাভাৱিক পৰিবেশত ডাঙৰ-দীঘল হৈ ভৱিষ্যতে দেশৰ দায়িত্বশীল নাগৰিকৰ সংখ্যা বঢ়াব পাৰে। সেই লক্ষ্যত উপনীত হ’বলৈ হ'লে পৰিয়ালৰ মাতৃগৰাকী ধৈৰ্য্য, ত্যাগ, কৰুণা আদি নানান গুণেৰে ভূষিতা, এক বিশেষ ব্যক্তি- ত্বৰ অধিকাৰিণী হ’ব লাগিব। গতিকে মাতৃসকলক নিযুক্তি দিয়াৰ আগতে দীঘলীয়া প্ৰশিক্ষণ দিয়া হয়। এই পদৰ প্ৰাৰ্থীসকল অবি- বাহিত বা দায়িত্বমুক্ত বিধৱা নতুবা স্বামী পৰিত্যক্তা হ'ব লাগে। শিক্ষাগত অৰ্হতা অন্ততঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা হ’ব লাগে। শিশুগ্ৰামত প্ৰাথমিক প্ৰশিক্ষণৰ অন্তত তেওঁলোকক দিল্লীৰ মাতৃ প্ৰশিক্ষণ কেন্দ্ৰলৈ দুবছৰীয়া কঠিন প্ৰশিক্ষণৰ বাবে পঠোৱা হয়। মাতৃসকল নিজ পৰিয়ালৰ পৰা পাৰ্য্যমানে বিচ্ছিন্ন হ'ব লাগে যাতে তেওঁ একান্তমনে নিজ দায়িত্বত ডাঙৰ হোৱা শিশুকেইটিক প্ৰেম আৰু সেৱা দিব পাৰে। পৰিয়ালৰ পৰা যদি বিচ্ছিন্নই হ’ব লাগে তেন্তে বুঢ়াকালত তেওঁলোকক কোনে চাব? —উত্তৰত আমাক জনালে যে সেইসকলৰ সম্পূৰ্ণ দায়িত্ব এই অ’ এছ সন্থাৰ। দিল্লীত থকা এছ, অ' এছৰ বৃদ্ধ-নিবাসত নমৰা দিনলৈকে তেওঁলোক থাকিব পাৰিব। অন্য চাকৰিয়ালৰ দৰে মাতৃসকলৰ ঠাই সলনা-

সলনি হয়নে? –“মানুহৰ মাক জানো বাৰে বাৰে সলনি হ'ব পাৰে?”

॥১১২॥