পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতী চিকাৰৰ উত্তেজনাময় মুহূৰ্ত্তবোৰ, বন্দী হাতীৰ আত্মসমৰ্পন কাৰুণ্য অদ্ভুত দক্ষতাৰে শিলৰ বুকুত ফুটাই তোলা হৈছে। ৰাজকীয় জীৱনৰ সকলো আড়ম্বৰ, ৰজাৰ দৈনন্দিন জীৱনৰ সকলো কৰ্ম্ম—অস্ত্ৰ-চালনা, মৃগয়া, বিলাস-ভ্ৰমণ, হাতী-ঘোঁৰা সমন্বিতে যুদ্ধ যাত্ৰা আদিৰ ছবি, শিলত খোদিত হৈছে। তেনে শিল্পকৰ্ম্মৰ সংখ্যাধিক্যলৈ চাই, প্ৰতাপী ৰজাৰ পৰাক্ৰম, যশস্যাৰ কাহিনী যাউতি-যুগীয়া কৰিবলৈকে মন্দিৰ নিৰ্ম্মিত হোৱাৰ অনুমান সঁচা যেন লাগে। আনহাতে যিসকলে কপালৰ ঘাম, বুকুৰ তেজেৰে মন্দিৰ সাজি উলিয়াইছিল সেই দুখীয়া কাৰিকৰ তথা সৰ্ব্বসাধাৰণ ৰাইজৰ জীৱন যাত্ৰা তাত ৰূপায়িত হোৱা নাই। তদুপৰি দেৱ-দেৱী গৰ্ন্ধৱ-কিন্নৰ, জন্তু, চৰাই আৰু ধৰ্মীয় অখ্যানত বৰ্ণিত নাগ-নাগিনী, চীন দেশীয় ড্ৰেগন আদিও শিলত কাটি উলিওৱা হৈছে। এটা মন কৰিবলীয়া কথা যে মন্দিৰৰ বিভিন্ন অংশত থকা সকলো শৈল-কৰ্ম্মৰে শৈল্পিক মান একে স্তৰৰ নহয়। মুখত স্বৰ্গীয়ানুভূতি ফুটি উঠা পাৰ্শ্ব দেৱতাৰ পূৰ্ণাবয়ব মূৰ্ত্তি, বিভিন্ন বাদ্য-যন্ত্ৰৰ সৈতে ভৰিৰ তাল দি থকা বাদকসকল, প্ৰৱেশ পথৰ দুয়োকাষে থকা হাতীৰ ওপৰত জপিয়াই পৰা সিংহমূৰ্ত্তিৰ দৰে বলিষ্ঠ, গতিশীল ভাস্কৰ্য্যৰ লগতে কিছুমান একেবাৰে সাধাৰণ স্তৰৰ খোদাই কাম দৰ্শকৰ চকুত পৰে।

 সূৰ্য্যমন্দিৰত মানৱ জীৱনৰ জৈবিক দিশটো প্ৰকট কৰি তোলা ভালেমান শিলামূৰ্ত্তি আছে। দেহৰ বিভিন্ন ভঙ্গিমা বা লয়লাস প্ৰদৰ্শন কৰা নাৰীমূৰ্ত্তি, আলিঙ্গনাবদ্ধ বা চুম্বনৰত মিথুন মূৰ্ত্তিয়ে সততে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। অসমৰ বাইহাটা চাৰিআলিৰ কাষৰ মদন কামদেৱ মন্দিৰতো এনেধৰণৰ মিথন মূৰ্ত্তি কিছুমান আছে। হিন্দুধৰ্ম্মত মানুহৰ বাবে ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ এই চতুবৰ্গ সাধনৰ পথ মুকলি। গতিকে মন্দিৰৰ শিলত মানুহৰ স্বাভাৱিক কামনা

॥৬১॥