পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘এনেকৈয়ে জ্বলে', 'এন্ধাৰৰ পৰা পোহৰলৈ’, ‘সাৰ পাব সকলো মানুহ’, ‘প্ৰস্তুতি’, ‘যৌৱন’ আদি ভালেমান কবিতাত এই আশা- বাদৰ ৰেঙণি আমি দেখিবলৈ পাওঁ। পৰিবৰ্তনৰ বাবে সমাজৰ তৃণমূল সংস্কাৰৰ প্ৰয়োজন হ'ব। সেয়ে তেওঁ ডেকা শক্তিৰ প্ৰতি আহ্বান জনাইছে। যি যুৱশক্তিৰ মুক্তিপিয়াসী প্ৰাণে এদিন—

“ভাঙি দিলে কত শিলৰ প্ৰাচীৰ
মুক্ত কৰিলে কাৰা
পাৰ হৈ ক’ত জীৱন-জপনা
বোৱালে প্ৰাণৰ ধাৰা.....” (যৌৱন)

 আজি সেই যৌৱনৰ ‘বিকৃত বিলাস’, ক্লীৱতা দেখি কবি ব্যথিত। কবিয়ে কামনা কৰে–প্ৰগতিৰ সুৰ আৰু ছন্দেৰে পৃথিৱী আৰু মানু- হক সুন্দৰ কৰাৰ প্ৰতিশ্ৰুতিৰে এন্ধাৰৰ পৰা পোহৰলৈ যৌৱনৰ জয়যাত্ৰা পুনৰ আৰম্ভ হওঁক।

 নিষ্ঠুৰ সময়ৰ আঘাতত কবিগৰাকী বাৰুকৈয়ে আহত। জীৱনৰ যাত্ৰা পথত দুখ-যন্ত্ৰণাৰ কাঁইটে তেওঁৰ ভৰি দুখনি থকা-সৰকা কৰিছে। ‘যন্ত্ৰণা’, ‘সময়’ আদি কবিতাত কবিৰ নিৰাশৰ ভাৱ ধৰা পৰি যায়। কিন্তু সেইবুলি তেওঁ হতাশা-নিৰাশাৰ কাষত আত্ম-সমৰ্পণ কৰা নাই। সেই হতাশাক অতিক্ৰম কৰি জীৱনৰ দৈনন্দিন তুচ্ছতাক ভৰিৰে মোহাৰি থৈ এক প্ৰজ্ঞা-সমুজ্জল জীৱনলৈ উধাবৰ বাবে কবিৰ যি হাবি য়াস সি কেইবাটিও কবিতাত সোচ্চাৰ হৈ উঠিছে। দীৰ্ঘকাল দৰ্শনৰ অধ্যাপিকা, দাৰ্শনিক ভাৱাপন্ন কবিগৰাকীৰ কবিতাত ‘অস্তিত্ববিহীন স্থিতিৰ মুহূৰ্তবোৰ', 'কোন মই, কোন তুমি' আদি উত্তৰবিহীন প্ৰশ্ন- বোৰ সততে বাঙ্‌ময় হৈ উঠে। সাহিত্যিক জাঁ পল ছাত্ৰেৰ উদ্দেশ্যে লিখা ‘এজন দাৰ্শনিকলৈ’, ‘সেউজীয়া বাছ’, ‘পৰম হংস’, ‘দ্বিমত’ আদি

কবিতা তেখেতৰ দাৰ্শনিক দৃষ্টিভঙ্গীৰ উল্লেখযোগ্য উদাহৰণ।

॥৭৫॥