নামে অষ্টম অধ্যায় এটিৰো সংযোজন হৈছে। এই অধ্যায়ত হৰ- পাৰ্ব্বতীৰ সম্ভোগৰ বৰ্ণনা দিয়া হৈছে। এই সম্ভোগৰ বৰ্ণনাই পূৰ্ব্বৰ অধ্যায়সমূহৰ শিৱ-চৰিত্ৰৰ দেৱত্ব বা ঐশী স্বৰূপ, ম্লান কৰি তেওঁক এজন সাধাৰণ নৱ-বিবাহিত স্বামীৰ শাৰীলৈ নমাইছে। অৱশ্যে কবিয়ে ইয়াত শালীনতাৰ সীমা চেৰাই যোৱা নাই। তেওঁৰ ইঙ্গিত- ময় সুন্দৰ বৰ্ণনাই মানৱ জীৱনৰ সেই বাস্তৱ সত্য়ক কলা-সুষমা দান কৰিছে।
থুল-মুলকৈ এয়েই হ’ল কুমাৰসম্ভৱ মহাকাব্যৰ কাহিনী। কালি- দাসৰ কাব্যৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে উপমা আৰু অৰ্থান্ত- বন্যাস অলংকাৰৰ প্ৰচুৰ ব্যৱহাৰ। উপমা প্ৰয়োগত কালিদাসক কোনেও চেৰ পেলাব নোৱাৰে। “উপমা কালিদাসস্য” বুলি এষাৰ কথাই আছে। একেদৰে অৰ্থান্তৰন্যাস অলংকাৰৰ প্ৰয়োগতে তেওঁ সিদ্ধহস্ত। কবিয়ে কোনো এক বিশেষ উক্তিৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ অন্য প্ৰসঙ্গৰ পৰা আন এষাৰ কথাৰ অৱতাৰণা কৰে। উদাহৰণ স্বৰূপে কুমাৰসম্ভৱৰ ৫ম সৰ্গত ছদ্মবেশী শিৱই উমাৰ বাবে তপস্যাৰ প্ৰয়োজন নাই—এই কথাষাৰৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ গৈ কৈছে—
“দিবং যদি প্ৰাৰ্থয়সে বৃথা শ্ৰমঃ/ পিতুঃ প্ৰদেশাস্তৱ দেৱভূময়ঃ
অথোপযন্তাৰমলং সমাধিনা/ন ৰত্নমন্বিষ্যতি মৃগ্যতে হি তৎ” (৫ঃ৪৫)
অৰ্থাৎ তুমি যদি তপস্যাৰ দ্বাৰা স্বৰ্গ পাবলৈ কামনা কৰিছা তেন্তে তোমাৰ শ্ৰম বৃথা, কাৰণ তোমাৰ পিতৃৰ ৰাজ্যখনো দেৱভূমি। যদি উপযুক্ত স্বামীলাভৰ বাবে এই তপস্যা তথাপিতো ইয়াৰ প্ৰয়োজন নাই। ৰত্নই কাকো বিচাৰি নেযায়, ৰত্নকহে আনে বিচাৰি ফুৰে। ন ‘ৰত্নং অন্বিষ্যতি মৃগ্যতে হি তৎ'—এই বাক্যাংশক শ্লোকফাকিৰ
পৰা উঠাই আনিলেও তাৰ ভাৱাৰ্থৰ কোনো ভাৰতম্য নঘটে। এনে