সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু খুল্‌নাৰ কলেজত অধ্যাপনা কৰাৰ অন্তত বঙ্গ-বিভাজনৰ সময়ত তেওঁ অসমলৈ গুচি আহে আৰু পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগ দিয়ে। বিভাগীয় মূৰব্বী হিচাপে কেবাবছৰো সুচাৰুৰূপে কাম চলাই ’৬৩ চনত তেওঁ অৱসৰ লৈছিল। নতুনকৈ খোলা বিভাগটোৰ উন্নতিৰ বাবে তেওঁ যথেষ্ট খাটিছিল। তেওঁৰ বহুমূলীয়া অনুমোদন অনুসৰি বিশ্ববিদ্যালয় লাইব্ৰেৰীলৈ উক্ত বিষয়ৰ ভালেমান আপুৰুগীয়া পুথি আহিল। কেইজনমান ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা শ্ৰেণীটোত শিক্ষাৰ্থীৰ সমাগম এতিয়া চকুত পৰা বিধৰ।

 শিক্ষাদান কাৰ্য্যক কেৱল জীৱিকাৰ উপায় বুলি নলৈ জীৱনৰ সাধনাৰূপেও যিসকলে গ্ৰহণ কৰে গাঙ্গূলীদেৱ নিঃসন্দেহে সেইসকলৰ অগশাৰীৰ এজন আছিল। তেওঁ প্ৰায়েই কৈছিল, উঠি অহা ডেকা গাভৰুজাকৰ উজ্জ্বল মুখবোৰেই হেনো তেওঁৰ জীৱনৰ আনন্দ; সেয়ে ল'ৰা-ছোৱালীৰ সান্নিধ্য তেওঁৰ অতি প্ৰিয় আছিল। প্ৰতি জন ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁ বিশেষভাৱে পৰিচিত হৈ তেওঁলোকৰ ব্যক্তিগত সমস্যাবোৰ বুজি লৈছিল আৰু সেইমতে, সহায়-পৰামৰ্শ আগবঢ়াইছিল। তেখেতৰ চিৰহাস্যময় মুখখন, আকৰ্ষণীয় ব্যক্তিত্ব, সুৰুচিপূৰ্ণ বেশ-ভূষা দেখিলে অনুমান হয় জীৱন-সুধা আকণ্ঠ পান কৰিবলৈ সেই বয়সতো যেন তেওঁ সচা-সচেষ্ট – উঠি অহা চামৰ চিন্তাধাৰাৰ স'তে ফেৰ মাৰি চলিবলৈ সাধাৰণতে অসমৰ্থ হয় বাবেই বুঢ়াসকলক ল’ৰাহঁতে প্ৰায়ে পুতৌৰ চকুৰে চাবলৈ বিচাৰে। কিন্তু তেনে অনুকম্পাৰ উদ্ৰেক কৰিব পৰা কোনো দুৰ্বলতা দেখু-ৱাবলৈ মানুহজন প্ৰস্তুত নাছিল। সেইবাবেই তেওঁ বুঢ়াৰ লগত বুঢ়া যদিও ল’ৰাচামৰ মাজত সিহঁতৰে এজন হৈ দেখুৱাব জানিছিল। পৰীক্ষাৰ্থী ছাত্ৰসকলৰ কাৰণে তেওঁ এজন অত্যন্ত হিচাবী শিক্ষক

॥ ২॥