পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱনৰ চৰম লক্ষ্য হব নোৱাৰে। দেহটোৱে আত্মাক কিছুদিনৰ বাবে, স্থিতি দিয়ে বাবেই আমি দেহৰ যতন লব লাগে। আমি এঠাইৰ পৰা আন ঠাইলৈ যাতে নিৰাপদে, সুকলমে যাব পাৰো তাৰ বাবেই উঠি ফুৰা গাড়ীখনক তেল-তুল দি কৰ্ম্মক্ষম কৰি ৰাখিব লাগে। ঠিক সেইদৰে আত্মাৰ বিকাশ আৰু উন্নতিৰ খাতিৰতে দেহটো যত্ন- পূৰ্ব্বক নিৰোগী আৰু কৰ্ম্ম ক্ষম কৰি ৰাখিব লাগে। তাতোকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা দেহৰ নাই -সেই কথা আমি সততে মনত ৰখা উচিত। তদুপৰি আমি দেহটোক যিমানেই আলফুলকৈ নেৰাখো সি এদিন নাশপ্ৰাপ্ত হই। গতিকে দেহটোৰ প্ৰতি অযথা অনুকম্পা নেৰাখি সময় থাকোতেই তাক যিমান পাৰা কামত লগোৱা। জন্ম মৃত্যু জীৱনৰ এৰাব নোৱাৰা কথা। কাপোৰ পুৰণি হলে তাক দলিয়াই পেলাই নতুন এখন লোৱাদি আত্মায়ে জৰাজীৰ্ণ পুৰণি দেহ এৰি নতুন দেহ গ্ৰহণ কৰে। সংসাৰ পৰিৱৰ্ত্তণশীল। সময়ৰ গতি- শীলতাক কোনেও বাধা দিব নোৱাৰে। ল’ৰাৰ পৰা মানুহ ডেকা হয়, ডেকাৰ পৰা বুঢ়া অৱস্থা পায়। সেইবোৰ পৰিৱৰ্তন যদি আমি অকাতৰে মানি লব পাৰো,বাৰ্দ্ধক্যৰ অৱশ্যম্ভাৱী পৰিণতি মৃত্যুকো একেধৰণে মানি লবলৈ আমি চেষ্টা নকৰো কিয়? নশ্বৰ দেহ আৰু অবিনশ্বৰ আত্মৰ পাৰ্থক্যৰ কথা মনত ৰাখিবলৈ যত্ন কৰিলে মানুহৰ মৃত্যুভয় কমি যাব, প্ৰিয় পৰিজনৰ সৈতে চিৰবিচ্ছেদো সহনীয় হব। “এয়া পত্নী পুত্ৰ-কন্যা মোৰ, কেবল মোৰ” -এনেবোৰ অন্ধ আসক্তি দূৰ কৰিবলৈকো মানুহ সক্ষম হব।

 গীতাত স্ব-ধৰ্ম্ম পালনৰ আৱশ্যকতাত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। অন্যায় অবিচাৰৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰাটো ক্ষত্ৰিয়ৰ ধম্ম, গতিকে অৰ্জুনে আত্মীয়-স্বজনৰ মায়া ত্যাগ কৰি হলেও নিজ

ধৰ্ম্ম পালন কৰিবই লাগিব। যিজন কৰ্ত্তব্য পথৰ পৰা বিচ্যুত হয়

॥২৯॥