সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যন্ত্ৰণাৰ হাত সাৰিব পাৰে। এনেতে দৈৱবাণী হ'ল, ৰতিদেবীয়ে মৃত্যুবৰণ কৰাৰ আৱশ্যক নাই, ব্ৰহ্মাৰ পূৰ্ব্বৰ এক অভিশাপৰ ফল- তহে মদনৰ এনে দশা হৈছে। তপস্যাৰ বলত যিদিনা পাৰ্ব্বতীয়ে হৰক পতিৰূপে লাভ কৰিব সিদিনাই মদনে পূৰ্ব্বৰ দেহ ঘূৰাই পাব। সেই দৈৱবাণীয়ে ৰতিদেৱীক কিছু শান্ত কৰিলে।

 ৫ ম সৰ্গৰ বিষয়বস্তু হল উমাৰ তপস্যা। চকুৰ আগতে মদন ভস্ম হোৱা দেখা পাই পাৰ্ব্বতীয়ে নিজৰ দৈহিক ৰূপ লাৱণ্যকে শত- ধিক্কাৰ দিলে। এইবাৰ তেওঁ শিৱক জয় কৰিবলৈ কঠোৰ তপস্যাৰ সংকল্প ললে। আদৰৰ কোমলাঙ্গী কন্যাৰ সেই প্ৰতিজ্ঞাৰ কথা শুনি মাক মেনকাই তেওঁক নিবৃত্ত কৰিবলৈ নানাভাৱে বুজনি দিলে। কিন্তু উমা অচল-অটল। পিতৃৰ অনুমতি লৈ উমাই তপস্যাৰ বাবে হিমালয়ৰ এক নিৰ্জ্জন স্থান বাচি ল'লে। ৰাজ-বসন সোলোকাই থৈ তেওঁ বল্কলৰ সাজ গাত মেৰিয়াই ল'লে। স্বৰ্ণহাৰৰ ঠাইত কণ্ঠত আৰি ল'লে ৰূদ্ৰাক্ষৰ জপমালা। গ্ৰীষ্মৰ প্ৰখৰ তাপত উমাই চাৰিপিনে চাৰিকুৰা জুই জ্বলাই সূৰ্য্যমুখে চাই পঞ্চাগ্নিৰ সাধনা কৰে ঠেৰেঙা লগা শীতকালত এবুকু পানীত নামি তপ-আচৰণ কৰে। পানীত থকা আনবোৰ পদুম সূৰ্য্য অস্ত যোৱাৰ লগে লগে জয় পৰে। কিন্তু উমাৰ অনিন্দ্যসুন্দৰ মুখ-পদ্ম দিনৰাতি সমানে ফুলি পানীৰ শোভা বঢ়ায়। তপস্যাৰ কঠোৰ সাধনাত বহু তপস্বীয়ে গছৰ সৰি পৰা পাত খাই প্ৰাণ ধাৰণ কৰে। কিন্তু পাৰ্ব্বতীয়ে তপস্যা কালত তেনে পাত এটিও হাতেৰে নুচুলে। সেয়ে উমাৰ আন এটি নাম হল ‘অৰ্পণা'। উমাৰ তপস্যাই মহাদেৱৰ আসন টলালে। তেওঁ এক জটাধাৰী তৰুণ তপস্বীৰ ৰূপ ধৰি উমাৰ ওচৰ পালেগৈ। অচিনাকী ব্ৰহ্মচাৰীক দেখি উমাই তেওঁৰ যথোচিত সেৱা-সৎকাৰৰ ব্যৱস্থা কৰিলে।

যুবা সন্যাসীজনে পোনতে তপস্যা-সংক্ৰান্ত দুই-চাৰি আষাৰ কথা পাতি

॥৫২॥