পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰ্থান্তৰন্যাসৰ উদাহৰণ কালিদাসৰ ৰচনাৰ পাতে পাতে। বিষ- বৃক্ষোহপি সংবৰ্ধ্য স্বয়ম্‌ছেত্তং, অসাম্প্ৰতম্‌" নিজে ৰোৱা বিহগছৰ পুলিটোও উঘালি পেলোৱা উচিত নহয়; শৰীৰমাদ্যং খলু ধৰ্ম্মসাধনম্ —দেহৰ যত্ন লোৱাটো ধৰ্ম্মাচৰণৰ প্ৰথম খোজ; কঃ ইঙ্গিতাৰ্থস্থিৰ নিশ্চয়ং মমং পয়শ্চ নিম্নাভিমুখং প্ৰতীপয়েৎ-কোনো সংকল্পত স্থিৰ কৰা মন আৰু নামনিলৈ বৈ অহা পানীৰ গতি কোনে ৰোধ কৰিব পাৰে?; ন যযৌ ন তুস্থৌ- আগবাঢ়িব নোৱাৰে, পিছলৈকো যাব নোৱাৰে-- বিদ্বৎ সমাজত মুখে মুখে চলি অহা এনে প্ৰবচনবোৰ যে কুমাৰসম্ভৱৰ পৰাই উদ্ধৃত সেইকথা আমি বহুতেই নেজানো। এনে বোৰ উক্তিয়ে কালিদাসৰ গভীৰ জীৱন বীক্ষাৰ পৰিচয় দাঙি ধৰে।

 কালিদাসৰ ৰঘুবংশ মহাকাব্যৰ নায়ক মানুহ। ৰজা-মহাৰজাৰ দিগ্বিজয়ৰ কাহিনী তাত চিত্ৰিত হৈছে। মেঘদূত কাব্যৰ নায়ক যক্ষ মানুহ আৰু দেৱতাৰ মাজৰ স্তৰৰ এক কাল্পনিক প্ৰাণী। আন- হাতে কুমাৰসম্ভৱৰ নায়কজন হ’ল ত্ৰিজগৎপতি স্বয়ং মহাদেৱ। কুমাৰ সম্ভৱৰ ২ য় সৰ্গৰ স্থান হ’ল ব্ৰহ্মলোক—য'ত অসুৰ নিধনৰ উপায় বিচাৰি দেৱতাসকলে ব্ৰহ্মাৰ স্তুতি প্ৰাৰ্থনা কৰিছে। এই সৰ্গটোৱে কালিদাসৰ হিন্দুদৰ্শন সম্পৰ্কে গভীৰ জ্ঞানৰ পৰিচয় দাঙি ধৰে। কাব্যখনি দেৱ-দেৱীক লৈ লিখা যদিও সেইসকলৰ গাত তেজ মঙহৰ মানুহৰ হাঁহি-কান্দোন, আশা-নিৰাশা, প্ৰেম-ভালপোৱা আৰোপ কৰা সমগ্ৰ কাব্যখনতে ভাৰতীয় সমাজ-ব্যৱস্থা, ৰীতি-নীতি, বিশেষকৈ হিন্দু বিবাহ-সংস্কৃতিৰ ওপৰত প্ৰভূত আলোকপাত হৈছে। ৰঘুবংশৰ সৈতে গ্ৰন্থখনিৰ ভালেমান শ্লোকৰ সাদৃশ্য আছে। কিছু শ্লোকত কথাৰ নহলেও ভাবৰ সাদৃশ্য দেখা যায়। দুয়োখনতে একোটা সৰ্গৰ বাবে একোটা ছন্দ ব্যৱহাৰ কৰা হৈছে।

 কালিদাস অকল প্ৰেমৰ কবি নহয়, তেওঁ প্ৰকৃতিৰো কবি।

হৈছে।

॥৫৫॥