সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্তানৰ যি অদৃশ্য অথচ অবিচ্ছেদ্য বন্ধন, মাতৃৰ ওপৰত শিশুৰ যি পৰম নিৰ্ভৰতা, পিতৃত্বৰ যি ভৰসা তাক মৰ্মস্পৰ্শী ভাষাৰে ফুটাই তোলাত কবি বিশেষভাৱে কৃতকাৰ্য্য হোৱা বুলি ক'ব পাৰি। আশা নিৰাশৰ দোমোজাত দোদুল্যমান মাতৃ হৃদয়ৰ ভয়-শঙ্কা, ব্যাকুলতা, আবেগ-বিহ্বলতা কবিগৰাকীৰ ব্যক্তিগত অভিজ্ঞতাৰ স্পৰ্শত জীৱন্ত হৈ তেওঁৰ কিছুসংখ্যক কবিতাক বিশেষ গভীৰতা আৰু গৰিমা প্ৰদান কৰিছে-

 “আচলতে মাতৃপ্ৰাণ ইমান কাতৰ/ আমাৰ শঙ্কাত কঁপে পৃথিৱী নিজেই। আমাৰ দুখত কান্দে সৰগৰ সাতোটা তৰাই।”

 মনস্তত্ববিদ্‌ কবিগৰাকীয়ে শিশুৰ কল্পনা ৰঙীন বিস্ময়ভৰা জগতখনলৈ শিশুৰ দৃষ্টিয়েই চাবলৈ চেষ্টা কৰিছে।

“এটি সুৰ গুন গুন
এটি তৰা এটি জোন
দুটামান শিলগুটি
কাঠৰ টুকুৰাবোৰে
ৰচা তাৰে কৌতুহল জাল।”

 ‘শিশুৰ কৌতুহলী মনে নানান সমস্যাৰ শিশুসুলভ সমাধান বিচাৰে, নানান প্ৰশ্নৰে ডাঙৰক বিব্ৰত কৰে—

মা, “তোক মই মা বুলি কওঁ
দেউতাই তোক দেখো মণি বুলি মাতে?”

 ‘ফুলনিত ফুল আছে”, ‘মানৱ শিশু’, ‘শান্তিৰ মমতা’, ‘পৰিতৃপ্তি', শিশুৰ ৰাতি, ক্ষুদ্ৰ প্ৰশ্ন আদি শিশু মনস্তত্ব বিষয়ক ভালেমান কবিতা তেখেতে ৰচনা কৰিছে।

 এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে সমাজৰ দুৰ্নীতি-অনীতি

-ভণ্ডামিৰ প্ৰতিও কবিগৰাকীয়ে কটাক্ষপাত কৰা দেখা যায়। বাপুজীৰ

॥৭৭॥