পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখুওৱা কৃতিত্ব প্ৰমাণ পত্ৰ কেইখনমান।

 শিশুগ্ৰাম চৌহদৰ সমুখভাগতে এখন প্ৰকাণ্ড খেলপথাৰ। ইমান পৰিস্কাৰ-পৰিচ্ছন্ন, কেনিও কাগজৰ টুকুৰা এটিও পৰি থকা নেদেখিলো। তাতেই বহি আমি লগত নিয়া খাদ্য সম্ভাৰেৰে মধ্যাহ্নভোজন শেষ কৰিলো। ইতিমধ্যে স্কুল বাছখন আহি পালেহি। বিভিন্ন স্কুলৰ ইউনিফৰ্ম পিন্ধা, স্বাস্থ্যবান, পৰিপাটি সাজ-পোছাকেৰে লৰা-ছোৱালী হঁতক দেখি আমাৰ বৰ ভাল লাগিল। তেওঁলোকৰ কিছুসংখ্যক কেন্দ্ৰীয় বিদ্যালয়, ডনবস্কৰ দৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়তো পঢ়ে। ল'ৰা-ছোৱালীহঁত আহি পোৱাৰ লগে লগে শিশুগ্ৰামলৈ প্ৰাণচাঞ্চল্য ঘূৰি আহিল।

 শিশুগ্ৰামৰ সঞ্চালক ডাঃ মৃণাল চৌধুৰী আৰু কাউঞ্চেলৰ, দুয়ে- জনৰ সৈতে আমি কথা-বতৰা হ'লো। সঞ্চালক মহোদয়ে এছ অ' এছ শিশুগ্ৰামৰ উৎপত্তি আৰু বৰ্তমান অৱস্থা সম্পৰ্কে আমাক বহলাই ক'লে। তেখেতৰ পৰা শুনামতে, ইয়াৰ উৎপত্তিৰ কাহিনীও অন্তৰ পৰশা। এছ অ' এছৰ জন্মদাতা জাৰ্মান দেশৰ ডঃ হাৰমেন মেইনাৰে পাঁচ বছৰ বয়সতে মাকক হেৰুৱায়। ঘৰৰ দহোটি সন্তানৰ প্ৰথম ছোৱালীটিয়ে মাতৃৰ দায়িত্ব লৈ নাজল নাথল সেই সংসাৰখন আগুৰি ৰাখিলে; অসীম ত্যাগ আৰুএবুকু মৰমেৰে তেওঁ ভাই-ভনীহঁতক মানুহ কৰিলে। বয়স হোৱাত মেইনাৰে নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা উপলব্ধি কৰিলে যে মাতৃৰ অবিহনে এই পৃথিৱীত আনৰ পৰাও মাতৃসুলভ মৰম পাব পাৰি। সেই উপলব্ধিৰে, অনাথ শিশুক মাকৰ মৰম আৰু এখন ঘৰ দিয়াৰ পৰিকল্পনাৰে তেওঁ শিশুগ্ৰামৰ শুভাৰম্ভ কৰিলে। ১৯৪৯ চনত অষ্টিয়াত বিশ্বৰ প্ৰথমখন শিশুগ্ৰাম স্থাপিত হ’ল। ইয়াৰ প্ৰথম শিশুটি হ’ল ডাষ্টবিনৰ পৰা বুটলি অনা এটি কেচুৱা-

যি হেলমেট কুট্টিন নামেৰে জনাজাত হ’ল আৰু ডঃ মেইনাৰৰ

॥১১০॥