পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ দৈনন্দিন জীৱনত
গীতাৰ প্ৰাসঙ্গিকতা

“সৰ্ব্বোপনিষদো গাবো দোগ্ধা গোপালনন্দনঃ
পাৰ্থো বৎসঃ সুধীৰ্ভোক্তা দুগ্ধং গীতামৃতং মহৎ”।

 “আটাইকেইখন উপনিষদ গাইগৰু; গোপালনন্দন কৃষ্ণ গাই খীৰাওঁতা; পাৰ্থ অৰ্থাৎ অৰ্জুন দামুৰি, গীতাজ্ঞান অমৃততুল্য গাখীৰ আৰু সুধীসকল হ’ল সেই অমৃত পান কৰোতা।” এই অনবদ্য শ্লোক টিয়েই থুলমূলকৈ গীতৰ সম্পূৰ্ণ পৰিচয় দাঙি ধৰে। সৰ্ব্ব উপনি- যদৰ সাৰমৰ্ম্মস্বৰূপ যি গীতামৃত ভগৱান কৃষ্ণই তৃতীয় পাণ্ডৱ অৰ্জু- নক পান কৰাইছিল যুগ যুগ ধৰি বিশ্বমানৱে সেই অমৃত পান কৰি ধন্য হৈছে। প্ৰাচীন ভাৰতীয় ঋষি-মুনিসকলৰ জীৱন, জগৎ আৰু ঈশ্বৰ সম্পৰ্কে যি ধাৰণা সেই গভীৰ জ্ঞান উপনিষদসমূহত থুপ খাই আছে। সেই সকলোবোৰ উপনিষদৰে সাৰ অংশ লৈ শ্ৰীমদ্ভগৱৎ গীতা ৰচিত হৈছে। পূৰ্ব্বতে ই ব্যাসদেৱ ৰচিত মহাভাৰতৰ অংশ- বিশেষ আছিল। কিন্তু সেই অংশৰ গভীৰ দাৰ্শনিক মূল্যৰ বাবেই পিছলৈ তাক নিলগাই আনি শ্ৰীমদ্ভগৱৎ গীতা নামেৰে এখন স্বতন্ত্ৰ গ্ৰন্থৰ ৰূপ দিয়া হৈছে। চলিত ৰূপত হোৱা তিনিহাজাৰ বছৰ ধৰি

এই গ্ৰন্থ প্ৰচাৰিত হৈ আহিছে। এই মহৎ গ্ৰন্থই বাৰখন উপনিষদৰ

॥২৫॥