সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিগৰাকীৰ হাত দুখনো অৱশ হৈ আহিল, তেওঁ লৈখাৰ ক্ষমতা কণো হেৰুৱালে; কবিতা তেওঁ গাইহে যায়, নাতি-নাতিনী, ভাগিন -ভতিজা, বন্ধু-বান্ধৱেহে সেইবোৰ লিপিবদ্ধ কৰে। বিষৰ যন্ত্ৰণা কটোৱা উজাগৰী নিশাৰ ভাৱ-অনুভূতিবোৰ দিনটোৰ কোলাহলময়তাত হেৰাই যোৱাৰ ভয়ত সেইবোৰ কাগজত টুকি থবলৈ দোকমোকা- লিতে জগাই দিয়াৰ কথা তেখেতৰ নাতিনী দুই-এগৰাকীয়ে আজিও সোঁৱৰে।

 পত্নীক দ্বিতীয় সন্তানটি দিয়াৰ কথা চিন্তা কৰি থাকোতেই ১৯৪৩ চনত হঠাতে পঙ্গু কবিক অথাই সাগৰত পেলাই থৈ সেইজন উদাৰ মহান প্ৰেমিক স্বামী স্বৰ্গগামী হয়। চিৰৰুগ্না সেই নাৰীয়ে মৃত্যুক সততে আহ্বান জনাইছিল নিজৰ বাবেহে। কিন্তু ভাগ্যৰ কি পৰি- হাস, মৃত্যুয়ে তেওঁক নিনিলে, তেওঁৰ জীৱনৰ পোহৰকণ তেওঁৰ “ভগা জীৱন-তৰীৰ কাণ্ডাৰী” প্ৰিয়তম স্বামীকহে কাঢ়ি লৈ গ'ল। চাৰিওপিনে শূণ্য দেখিলে। ছোৱালীকালৰে পৰা যাৰ ডেউকাৰ উমত অক্ষম দেহটিৰে তেওঁ সকলো ধৰণৰ নিৰাপত্তা পাইছিল, মৰমৰ পোহৰত তেওঁ এদিন নিজকে আবিস্কাৰ কৰিবলৈ সক্ষম হৈছিল, যিজনাৰ অকৃত্ৰিম প্ৰেম-ভালপোৱাই তেওঁৰ শূন্য, নিশ্চল জীৱনটোক অৰ্থ দিলে, গতি দিলে সেইজন হঠাতে তেওঁৰ জীৱনৰ পৰা হেৰাই গল। কবিৰ জীৱনত জীৱনত এইটোৱে আছিল সবাতোকৈ প্ৰচণ্ড আঘাত। তেওঁ আকৌ এবাৰ ব্যৰ্থতাৰ হতাশাৰ সন্মুখীন হ’ল, তেওঁৰ কাব্য- বীণত নতুনকৈ এটি কৰুণ সুৰৰ সংযোজন ঘটিল। কবিৰ পৰৱৰ্ত্তী কালৰ ভালেমান কবিতাত স্বামীৰ প্ৰতি গভীৰ প্ৰেম আৰু কৃতজ্ঞতা আৰু সিজনৰ বিয়োগত অসহনীয় মৰ্ম্মবেদনা জীৱন্ত ৰূপত প্ৰকাশ পাইছে। স্বামীয়ে তেওঁৰ পত্নী-প্ৰেমৰ নিদৰ্শন হিচাপে, প্ৰেমিক চাহ

জাহানৰ দৰে তাজমহল সাজি থৈ যোৱা নাই, কিন্তু ওৰেটো জীৱন

॥৬৭॥