জ্ঞান-বিজ্ঞানৰ চৰ্চ্চা আৰু গবেষণা হব লাগিব আৰু তাৰ লগতে জাতীয় চৰিত্ৰ গঠনৰ উপাদান হিচাপে নৈতিক আৰু ধৰ্ম্মীয় শিক্ষাৰো সমন্বয় সাধন কৰিব লাগিব। এই প্ৰসঙ্গত পণ্ডিত নেহৰুৰ এষাৰ উক্তি প্ৰনিধান যোগ্য "Can't we combine the progress of science and technology with the progress of the mind and the spirit?” কবিগুৰু ৰবীন্দ্ৰনাথেও উপলদ্ধি কৰিছিল যে “মানুহক সত্যৰ জ্ঞান দিয়াই শিক্ষাৰ উদ্দেশ্য। শিক্ষাই প্ৰতিটো শিশুক যুগৰ উদ্দেশ্য বুজি পাবলৈ আৰু যুগৰ দাবী পূৰণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰিব লাগিব।” তেনে উপলদ্ধিৰেই কবিগুৰুয়ে শান্তি নিকেতনত প্ৰাচীন গুৰুকুল শিক্ষা-পদ্ধতিৰ অনুক- ৰণত আজিৰ যুগৰ সৈতে খাপ খোৱাকৈ 'বিশ্ব-ভাৰতী’ গঢ়ি তুলি- ছিল, য'ত এক অন্তৰমুখী, ঈশ্বৰমুখী প্ৰাকৃতিক বাতাবৰণত উচ্চতম পৰ্যায়লৈকে জ্ঞান-বিজ্ঞান আৰু বিভিন্ন কলাৰ শিক্ষা দিয়া হয়।
বাস্তবিকতে নৈতিকতাৰ শিক্ষা দিবৰ বাবে 'কলা’ এক অতি সুচল মাধ্যম। যি কথা পোনপতীয়াকৈ শিকালে লৰা-ছোৱালীয়ে একো আনন্দ নেপায় তেনে বিষয়ে কলাৰ মাধ্যমেৰে জীৱন্ত, সৰস আৰু উপভোগ্য কৰি তুলিব পাৰি। উদাহৰণ স্বৰূপে “একতাই পৰম বল” কথাষাৰ মৌখিকভাৱে শিকোৱাৰ অপচেষ্টা কৰাতকৈ বুঢ়া আৰু তেওঁৰ খৰিয়াল কৰা পুতেকহঁতৰ সাধুটোৰ সহায়েৰে বা তাৰ নাট্যৰূপ দি সাৰ্থকভাৱে শিকাব পাৰি। তেনে উপলদ্ধিৰেই প্ৰাচীন কালত শিশুক আনন্দ-দানৰ ছলেৰে শিক্ষা দিয়াৰ উদ্দেশ্যে জীৱ-জন্তুক চৰিত্ৰ হিচাপে লৈ পঞ্চতন্ত্ৰ, হিতোপদেশ, গ্ৰীমৰ সাধু আদি শিশু-শিক্ষাৰ পুথি ৰচিত হৈছিল। মহাপুৰুষ শঙ্কৰদেৱে সমাজ
সংস্কাৰৰ বাবে কলাকেই উপযুক্ত মাধ্যম হিচাপে গ্ৰহণ কৰি অশিক্ষিত