পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আদৰ্শৰ দোহাই দি সমাজত চলা অন্যায় অবিচাৰ দেখিও নেদেখা হোৱা সমাজৰ বৰমূৰীয়া সকলৰ প্ৰতি ‘নকল’ নামৰ কবিতাটিত তেওঁ তীব্ৰ ব্যঙ্গ নিক্ষেপ কৰিছে। এগৰাকী নাৰী হিচাপে আমাৰ পুৰুষ- প্ৰধান সমাজ ব্যৱস্থাত নাৰীৰ ওপৰত চলা শোষণ-নিপীড়নৰ বিৰুদ্ধেও তেওঁৰ কবিতাত প্ৰতিবাদ ধ্বনিত হোৱা শুনা যায়।

 স্বদেশপ্ৰেম শ্ৰীমতী দত্তৰ কবিতাৰ এক অন্তৰ্নিহিত গুণ। ভালে- মান কবিতাৰ গভীৰত ই অন্তঃসলিলা ফন্তুৰূপে প্ৰৱাহিত। এজন ভাৰতবাসী হিচাপে কবিয়ে নিজকে লৈ গৰ্ব অনুভৱ কৰে। দেশৰ পবিত্ৰ সৌন্দৰ্যৰাশিয়ে “যুগে যুগে দৃষ্টিত সানিছে মোৰ পৰম বিস্ময়।” এই দেশৰ ঐতিহ্য, আধ্যাত্মিকতা তেওঁৰ চেতনাত ব্যাপ্ত হৈ তেওঁৰ জীৱনক যেন সৌন্দৰ্য আৰু গভীৰতা প্ৰদান কৰিছে। ‘ৰূপহী অসম’ নামৰ কবিতাটিত তেওঁ মাতৃভূমি অসমৰ প্ৰাকৃতিক শোভা বৰ্ণনাৰ লগতে গাঁৱলীয়া জীৱনত সাধাৰণতে দেখা পোৱা প্ৰেম-প্ৰীতি একতাৰ বান্ধোনৰ গুণ গাইছে

“এটি মাত্ৰ আলিবাট
মৰমেৰে বান্ধি থোৱা দুখনি গাঁৱৰ।”

 আঙ্গিকৰ দিশৰ পৰা বিচাৰ কৰিলেও দেখা যায় যে তেখেতৰ কবিতাত নতুন আৰু পুৰণিয়ে হাত মিলাইছে। ছন্দ-বন্ধনৰ পৰা মুক্ত যদিও এই কবিতাই ছন্দৰ লালিত্য হেৰুৱাই পেলোৱা নাই। ঠায়ে ঠায়ে ভাষাৰ সুমধুৰ লয়ে অন্তৰ আন্দোলিত কৰি যায়। উপ- যুক্ত শব্দৰ নিৰ্বাচনে কবিতাৰ মৰ্মাৰ্থ হৃদয়ঙ্গম কৰাত সহায় কৰিছে। অৱশ্যে অ'ত-ত'ত দুই এটা শব্দৰ অপপ্ৰয়োগে চকুত নপৰা নহয়। তেখেতৰ উপমা, প্ৰতীক, মানসচিত্ৰ ‘মাটিৰ তলৰ শিপা’ৰ পৰা ‘মেঘৰ দলং’ পাৰ হৈ দূৰ নক্ষত্ৰলোকলৈকে পৰিব্যাপ্ত হৈ আছে। ইতি-

পূৰ্বেই কোৱা হৈছে যে শ্ৰীমতী দত্তৰ কিছুমান কবিতা দাৰ্শনিক

॥৭৮॥