লভ্য।” তদুপৰি সমাজ আৰু ৰাষ্ট্ৰৰ জীৱনত বিশিষ্ট বৰঙণি আগ- বঢ়োৱা বৰেণ্য নাৰী পুৰুষ সকলৰ জীৱনৰ লৈতে পৰিচিত হব পৰাকৈ সেইসকলৰ ছবি বিদ্যালয় বিভিন্ন কোঠাত অন্ততঃ এখনকৈ ৰাখিব পাৰি। স্কুলৰ পুথিভৰালত ছাত্ৰই লাগ বুলিলেই পোৱাকৈ মহৎ- লোকৰ জীৱনী, উপাদেয় সাহিত্য, নাটক, গল্প আৰু জ্ঞান-বিজ্ঞানৰ লাগতিয়াল পুথি মজুত ৰখা দৰকাৰ।
মহান লোকসকলৰ জন্ম বা মৃত্যু তিথি উদযাপনৰ ব্যৱস্থা কৰি সেইসকলৰ জীৱন ও কৰ্ম্মৰাজিৰ বিষয়ে তৰ্ক, আলোচনা, কুইজ আদিৰ ব্যৱস্থা কৰিব পাৰিলে লৰা-ছোৱালী সজ-চিন্তাত ব্যস্ত হৈ থকাৰ লগতে আনন্দ আৰু মানসিক সজীৱতাও লাভ কৰিব, লগে লগে বীৰ পূজাৰ মানসিকতাও গঢ় লব। সিহঁতৰ অন্তৰ্নিহিত প্ৰতি- ভাক জাগ্ৰত কৰি সুপথে পৰিচালিত কৰাৰ প্ৰচেষ্টাৰে সঙ্গীত-নৃত্য- বাদ্য আৰু ৰুচি অনুযায়ী বিভিন্ন বৃত্তিমূলক শিক্ষাৰ প্ৰবৰ্ত্তনে ছাত্ৰ- ছাত্ৰীক জীৱন গঢ়াত প্ৰভূত সহায় আগবঢ়াব পাবে। কাৰ্য্যক্ষেত্ৰত দেখা যায়, শৃঙ্খলাবোধ, সহযোগিতা, নিয়মানুবৰ্তিতা আদি সজ গুণৰ শিক্ষাত পাঠ্যক্ৰমতকৈ বহিঃ পাঠ্যক্ৰমৰহে ভূমিকা অধিক গুৰুত্ব- পূৰ্ণ। অৱশ্যে পাঠ্যক্ৰমকো অৱহেলা কৰিলে নচলিব। গতিকে দুয়োটাৰে সমন্বয়ত শিক্ষাৰ ব্যৱস্থা হাতত লব লাগে। লৰা-ছোৱালী ভবিষ্যৎ জীৱনত আত্মনিৰ্ভৰশীল হব পৰাকৈ স্বায়ত্বশাসনৰ শিক্ষাও বিদ্যালয়ত হোৱা উচিত। জীৱনৰ বাস্তৱতাৰ সৈতে ছাত্ৰাৱস্থাতে পৰি- চয় কৰিবলৈ লৰা-ছোৱালীক সমাজ জীৱনৰ সৈতে জড়িত কৰাব লাগিব। গতিকে সমাজ-সেৱা শিক্ষাৰ এক বিশেষ অঙ্গ হিচাপে ল'ব লাগে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত বা অন্য কোনো সামাজিক
সমস্যা সমাধানৰ প্ৰচেষ্টাত তেওঁলোককে জড়িত কৰি শাৰীৰিক,