যায়। পঞ্চম শতিকাৰ শেষৰপিনে নিৰ্ম্মিত বুলি অনুমান কৰা এই গুহাৰ বেৰত গৌতম বুদ্ধৰ জীৱন আৰু তেওঁৰ আধ্যাত্মিক উত্তৰণৰ স্তৰ পৰ্য্যায়ক্ৰমে দেখুৱা হৈছে। আনহাতে তাত সেইকালৰ আড়- ম্বৰপূৰ্ণ ৰাজকীয় জীৱন, আনকি সৈন্যসকলৰ যুদ্ধ-যাত্ৰাৰ ছবিও দাঙি ধৰা হৈছে। বিশেষ কাৰুকাৰ্য্যবিহীন প্ৰাচীন গুহাবোৰৰ বিপৰীতে ২ আৰু ৩ নং গুহাত উৎকৃষ্ট চিত্ৰ-শৈলীৰ নমুনা দেখিবলৈ পোৱা যায়। বেৰত হৰিণা, ময়ুৰ, বান্দৰ, হাতী আদি জন্তুৰ ছবিৰ ওপ- ৰিও গৌতমে হেলাৰঙে ত্যাগ কৰি যোৱা ৰাজপ্ৰসাদৰ বিলাসী জীৱ- নৰ ছবিও সজীৱভাৱে অংকিত হৈছে। ভাবিলে আচৰিত লাগে, বুদ্ধ আৰু বোধিসত্বৰ আধ্যাত্মিক গৰিমা, সমাহিত ৰূপ নিপুন- তাৰে ফুটাই তোলা চিত্ৰকৰ আৰু কাৰুশিল্পী সকলে একেই দক্ষতাৰে ৰূপলাবন্যময়ী নাৰীমূৰ্ত্তিসমূহৰ দেহ-সৌষ্ঠৱ আৰু সেইসকলৰ আবেগ অনুৰাগ চিত্ৰিত কৰিছে।
দুপৰীয়া ডেৰমান বজাত আমাৰ দৰ্শনাৰ্থী দলটোক গুহাৰ পৰা উলিয়াই আনি গাইডে বিদায় ললে। আমি ওচৰৰে এখন ৰেষ্টুৰেন্টত অজস্ৰ যাত্ৰীৰ ভিৰৰ মাজত সাধাৰণভাৱে মধ্যাহ্নভোজন শেষ কৰি ওচৰে-পাজৰে থকা চকু চাট মাৰি ধৰা নানা বৰণীয়া শিল, পাথৰৰ আ-অলংকাৰ আৰু টুপীৰ দোকানবোৰ ঘূৰি-পকি চাই তিনিবজাত বাছেৰে ঔৰংগবাদমুৱা হ'লো।
পিছদিনা ৰাতিপুৰা ইলোৰা চোৱাৰ মানসেৰে আমি পুনৰ বাছত উঠিলো। ইলোৰাৰ গুহাবোৰ আবেলি সময়ত চাবলৈ ভাল; কাৰণ অস্তগামী সূৰ্য্যৰ পোহৰে পশ্চিমমুৱা গুহাবোৰ সেইসময়ত পোহৰাই তোলে। ঔৰংগবাদৰ ওচৰে পাজৰে থকা দুই চাৰিটা প্ৰাচীন কীৰ্ত্তি- চিহ্ন চোৱাৰ অন্তত আমাৰ বাছ গৈ ইলোৰাৰ গুহাৰ কাষত ৰ'লগৈ।
প্ৰায় ৩ কিঃ মিঃ ঠাই জুৰি উত্তৰ-দক্ষিণাকৈ থকা পৰ্ব্বতৰ বুকু খান্দি